NORTHEAST NOW (Assamese)
অসম

এনএছচিএন (আই এম) নেতা থুইংগালেং মুইভা ডিমাপুৰৰ হাস্পাতালত চিকিৎসাধীন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 25, 2021 8:22 am
Th-Muivah

এনএছচিএন (আই এম)ৰ সাধাৰণ সম্পাদক থুইংগালেং মুইভা ডিমাপুৰৰ হাস্পাতালত ভৰ্তি হৈ আছে।

বাতৰি অনুসৰি, দুদিন পূৰ্বে কোভিড-১৯ পজিটিভ ধৰা পৰাৰ পাছত ‘অসুস্থ’ হৈ পৰা মুইভাক হাস্পাতালত ভৰ্তি কৰা হয়।

তেওঁক শনিবাৰে সন্ধিয়া প্ৰায় ৬-৩০বজাত হঠাতে হাস্পাতালখনত ভৰ্তি কৰোৱা হয়।

তেওঁৰ শৰীৰত অক্সিজেনৰ মাত্ৰা হ্ৰাস পোৱাৰ বাবেই ততাতয়াকৈ হাস্পাতালত ভৰ্তি কৰোৱা হৈছে বুলি কোৱা হৈছে।

সূত্ৰসমূহে জানিবলৈ দিছে যে তেওঁ চিকিৎসা লাভ কৰাৰ পাছতে সুস্থ অনুভৱ কৰিছে আৰু বৰ্তমান তেওঁৰ শাৰীৰিক অৱস্থা সুস্থিৰ হৈছে।

বাতৰিত কোৱা হৈছে যে বৃহস্পতিবাৰে কোভিড-১৯ পজিটিভ ধৰা পৰা মুইভাৰ শুকুৰবাৰে ভাইৰাছৰ সংক্ৰমম নিগেটিভ পোৱা গৈছিল।

যোৱা বুধবাৰে মুইভাই নাগা ৰাজনৈতিক সমস্যাৰ ক’ৰ কমিটিৰ আহ্বায়ক নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিউ ৰিঅ’ৰ নেতৃত্বত নাগা সমস্যাৰ সমাধানৰ ৰূপায়ন সম্পৰ্কত আলোচনাৰ বাবে ডিমাপুৰত এখন বৈঠক অনুষ্ঠিত কৰিছিল।