NORTHEAST NOW (Assamese)

অভিনেত্ৰী বৈজয়ন্তীমালাৰ ‘বিয়োগ’ৰ খবৰ! কি ক’লে শিল্পীগৰাকীৰ পৰিয়ালে?

March 7, 2025 6:23 pm · এন ই নাও নিউজ, গুৱাহাটী

পুৱাৰে পৰা অনলাইনযোগে আলোচনা চলি আছে যে বলীউডৰ প্ৰবীণ অভিনেত্ৰী বৈজয়ন্তীমালা অসুস্থ। কৰবাত আনকি অভিনেত্ৰীগৰাকীৰ মৃত্যু হোৱা বুলিও দাবী উত্থাপন হৈছে! অৱশেষত এই উৰাবাতৰি বন্ধ কৰিবলৈ শিল্পীগৰাকীৰ পৰিয়ালে মুখ খুলিছে।

শুকুৰবাৰে বৈজয়ন্তীমালাৰ পুত্ৰ সুচিন্দ্ৰ বালিয়ে ছচিয়েল মিডিয়াত এক বিবৃতি প্ৰকাশ কৰি কয় যে প্ৰবীণ অভিনেত্ৰীগৰাকী সুস্থ। অনুগ্ৰহ কৰি উৰাবাতৰি বিয়পোৱাৰ আগতে বাতৰিটোৰ সত্যতা পৰীক্ষা কৰক।

বৈজয়ন্তীমালাৰ বয়স এতিয়া ৯১ বছৰ। জানুৱাৰী মাহত চেন্নাইত অনুষ্ঠিত এক অনুষ্ঠানত অভিনেত্ৰীগৰাকীয়ে ভাৰত নাট্যম পৰিবেশন কৰিছিল। সেয়েহে অভিনেত্ৰীগৰাকীৰ মৃত্যুৰ উৰাবাতৰি ছচিয়েল মিডিয়াত বিয়পি পৰা দেখি অনুৰাগীৰ এটা অংশ স্তম্ভিত হৈ পৰে।

বৈজয়ন্তীমালাই যদিও ১৯৪০ চনৰ পৰা তামিল ছবিত অভিনয় কৰিবলৈ আৰম্ভ কৰিছিল, তথাপিও ১৯৫১ চনত মুক্তি লাভ কৰিছিল তেওঁৰ প্ৰথম হিন্দী ছবি ‘বহাৰ। তেওঁৰ উল্লেখযোগ্য ছবিসমূহৰ ভিতৰত আছে ‘দেৱদাস, ‘গংগা যমুনা, ‘মধুমতী, ‘সংগম, আৰু ‘জুৱেল থিফ। বিয়াৰ পিছত কেৰিয়াৰৰ শিখৰত থকাৰ সময়তে অভিনয়ৰ পৰা অৱসৰ লয়।

Related News