NORTHEAST NOW (Assamese)

তুৰস্কৰ পাকিস্তানক সমৰ্থনঃ দুটাকৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সৈতে থকা তুৰ্কীৰ সংস্থাৰ চুক্তি বাতিল আদানী গ্ৰুপৰ

May 16, 2025 1:24 pm · এন ই নাও নিউজ, গুৱাহাটী

ৰাষ্ট্ৰীয় নিৰাপত্তাৰ উদ্বেগ প্ৰকাশ কৰি মুম্বাইৰ ছাত্ৰপতি শিৱাজী মহাৰাজ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আৰু আহমেদাবাদৰ চৰ্দাৰ বল্লভভাই পেটেল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত তুৰ্কীৰ প্ৰতিষ্ঠান চেলেবিৰ সৈতে গ্ৰাউণ্ড হেণ্ডলিং চুক্তিৰ অন্ত পেলাইছে আদানী এয়াৰপৰ্ট হোল্ডিংছে।

ভাৰত চৰকাৰে ব্যুৰো অৱ চিভিল এভিয়েশন ছিকিউৰিটি (বিচিএএছ)ৰ দ্বাৰা চেলেবিৰ নিৰাপত্তাৰ অনুমতি বাতিল কৰাৰ পাছতে এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। চেলেবিক সকলো গ্ৰাউণ্ড হেণ্ডলিং কাৰ্য্যকলাপ তৎক্ষণাত স্থানান্তৰিত কৰিবলৈ নিৰ্দেশ দিয়া হয়।

এই পদক্ষেপে দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আৰু বেংগালুৰু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ একেধৰণৰ কাৰ্য্যক প্ৰতিফলিত কৰিছে, যিয়েও নিৰাপত্তাৰ ভিত্তিত চেলেবিৰ সৈতে চুক্তি বন্ধ কৰি দিছিল।

Related News