NORTHEAST NOW (Assamese)
দেশ

পৰিৱেশ মন্ত্ৰালয়ৰ আপত্তি সত্বেও আইন উলংঘাৰে ঘন অৰণ্যৰ মাজত কয়লা খনন আদানী গোষ্ঠীৰ

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী March 31, 2024 5:18 pm
পৰিৱেশ মন্ত্ৰালয়ৰ আপত্তি সত্বেও আইন উলংঘাৰে ঘন অৰণ্যৰ মাজত কয়লা খনন আদানী গোষ্ঠীৰ

আন এক কেলেংকাৰীত নাম সাঙোৰ খাই পৰিছে আদানীৰ। আদানী গোটে লাভ কৰিছে আন এটা কয়লা খনি খনৰৰ অনুমতি।

অভিযোগ অনুসৰি কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ৰ আপত্তি সত্ত্বেও মধ্যপ্ৰদেশৰ অৰণ্যৰ গভীৰত থকা কয়লা খনিৰ পৰা আদানী গোটক কয়লা উলিয়াবলৈ অনুমতি দিয়া হৈছে।

উল্লেখ্য যে কয়লা মন্ত্ৰালয়ে চেণ্ট্ৰেল ইনষ্টিটিউট অৱ মাইন প্লেনিং এণ্ড ডিজাইনক মধ্যপ্ৰদেশৰ কয়লা খনিসমূহ পৰিদৰ্শন কৰিবলৈ নিযুক্তি দিয়ে। লগতে কয়লা খনন আৰম্ভ কৰিব নালাগে বুলিও অৱগত কৰে।

কিন্তু তাৰপিছতো আদানী গ্ৰুপে কয়লা খননৰ লাভৰ ৬ শতাংশ কেন্দ্ৰীয় চৰকাৰক দিয়াৰ বিনিময়ত চৰকাৰে আদানী গোটৰ সৈতে চুক্তিত স্বাক্ষৰ কৰে। 

এই কেলেংকাৰীক লৈ চিপিআইএমৰ সাধাৰণ সম্পাদক সীতাৰাম য়েচুৰীয়ে কেন্দ্ৰীয় চৰকাৰ আৰু আদানী গ্ৰুপৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে। তেওঁ কয়, বৰ্তমান ভাৰতৰ জাতীয় সম্পদসমূহ কৰ্পৰেটসকলে লুটপাত কৰি আছে। তেওঁলোকে মানুহ আৰু পৰিৱেশৰ কথা ভবা নাই।