NORTHEAST NOW (Assamese)
অসম

শ্বেয়াৰ বজাৰত বৃহৎ পতন; আদানীৰ ৬৬ হাজাৰ কোটি, আম্বানীৰ ৩০ হাজাৰ কোটিৰ লোকচান!

Posted by: এন ই নাও নিউজ, মুম্বাই Updated by: এন ই নাও নিউজ, মুম্বাই March 14, 2024 9:09 am

বুধবাৰৰ দিনটো আছিল ষ্টক মাৰ্কেটত বছৰৰ আটাইতকৈ বেয়া দিন। মাত্ৰ ৬ ঘণ্টাত বিপুল পতনৰ ফলত বিনিয়োগকাৰীসকলৰ ১৩ লাখ কোটি টকাৰ লোকচান ঘটিল। বিশেষকৈ বুধবাৰৰৰ ষ্টক ইনডেক্স পতনৰ সময়ত ডাঙৰ ডাঙৰ কোম্পানীবোৰ তাচপাতৰ ঘৰৰ দৰে খহি পৰে।

এপিনে আদানী গ্ৰুপৰ অধ্যক্ষ গৌতম আদানীয়ে প্ৰায় ৬০ হাজাৰ কোটি টকাৰ লোকচানৰ সন্মুখীন হৈছে। আনহাতে, ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ মুকেশ আম্বানীৰ ৩০ হাজাৰ কোটি টকা পানীত পৰিছে।

লগতে পঢ়কঃ কুকুৰৰ পৰা সাৱধান! ভাৰতত নিষিদ্ধ হ’ল পিটবুলকে ধৰি হিংস্ৰ কুকুৰ বিক্ৰী; আপোনাৰো আছে নেকি?

দিনটোত বম্বে ষ্টক এক্সচেঞ্জৰ শ্বেয়াৰ সূচকাংক ১০৪৬ পইণ্ট হ্ৰাস পায়। নিফটি ৩৮৮ পইণ্ট হ্ৰাস পায়। বজাৰ বন্ধ হোৱাৰ একেবাৰে শেষ মুহূৰ্তত শ্বেয়াৰ বজাৰত সামান্য উত্থান ঘটিলেও সেয়া পতনৰ তুলনাত একোৱে নহয়।

ভূমিকম্পৰ দৰে শ্বেয়াৰ বজাৰৰ পতনৰ বাবে বহু কোম্পানীৰ শ্বেয়াৰৰ মূল্য তললৈ নামি যায়। বিশেষকৈ গাড়ী নিৰ্মাতা কোম্পানীৰ পৰা বেংকিং খণ্ডৰ শ্বেয়াৰ বিশেষভাৱে হ্ৰাস পাইছে।

বিশ্বৰ ধনী ব্যক্তিৰ ভিতৰত অন্যতম গৌতম আদানী আৰু মুকেশ আম্বানীয়ে সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে। আদানীৰ তালিকাভুক্ত সকলো শ্বেয়াৰ তললৈ নামি গৈছে। আদানী গ্ৰীণ এনাৰ্জীৰ শ্বেয়াৰ ১৩ শতাংশ হ্ৰাস পাইছে। আন শ্বেয়াৰ ৫-৮ শতাংশ হ্ৰাস পাইছে।

লগতে পঢ়কঃ বিজেপিৰ দ্বিতীয় প্ৰাৰ্থী তালিকা প্ৰকাশঃ তালিকাত গাডকাৰীসহ কেইবাজনো কেন্দ্ৰীয় মন্ত্ৰী

ফৰ্বছৰ ৰিয়েল টাইম বিলিয়নাৰ ইনডেক্স অনুসৰি আদানী গ্ৰুপৰ লোকচান হৈছে ৬৬ হাজাৰ কোটি টকা। তদুপৰি, বুধবাৰে শ্বেয়াৰ বজাৰত মুকেশ আম্বানীৰ লোকচান হয় ৩০ হাজাৰ কোটি টকা।