কেন্দ্ৰীয় চৰকাৰে কেইবাটাও হিংস্ৰ জাতৰ কুকুৰ আমদানি, প্ৰজনন আৰু বিক্ৰীৰ ক্ষেত্ৰত ব্যাপক নিষেধাজ্ঞা আৰোপ কৰিছে। কেইবাটাও ঘটনাৰ পৰিপ্ৰেক্ষিতত এই হিংস্ৰ কুকুৰ বিক্ৰীত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।
উল্লেখ কৰা হৈছে যে ৰটৱেইলাৰ, পিটবুল, টেৰিয়াৰ, উলফ ডগ, মাষ্টিফকে ধৰি বিভিন্ন ধৰণৰ হিংস্ৰ কুকুৰক পোহনীয়া জন্তু হিচাপে বিক্ৰী কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। এইবোৰক মানুহৰ বাবে বিপজ্জনক বুলি কোৱা হৈছে।
পিটবুলক লৈ বহু অভিযোগ উত্থাপন হৈছে। পিটবুলৰ আক্ৰমণৰ ফলত আহত হোৱাৰ দৰে বিভিন্ন ঘটনা ঘটিছে। এতিয়া সেই পিটবুল বিক্ৰীৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে। কাৰণ এনে হিংস্ৰ কুকুৰ ঘৰত ৰখাত বহু সমস্যা থাকে।

কেতিয়াবা পৰিয়ালৰ লোকেও এই কুকুৰকেইটাৰ বাবে বিপদত পৰিবলগীয়া হয়। এনে কুকুৰক ৰাজপথলৈ উলিয়াই নিলে সমস্যাৰ সৃষ্টি হ’ব পাৰে। এই কুকুৰটোৰ লগত আন যিকোনো জাতৰ প্ৰজনন কৰাটোও নিষিদ্ধ কৰা হৈছে।

পশুপালন বিভাগে কয় যে স্থানীয় প্ৰশাসনে যাতে এনে কুকুৰ ৰখা বা বিক্ৰীৰ কোনো অনুজ্ঞাপত্ৰ প্ৰদান নকৰে। এই ধৰণৰ অনুজ্ঞাপত্ৰ দিলে সমস্যাৰ সৃষ্টি কৰিব পাৰে। কোৱা হৈছে যে যিসকলে ইতিমধ্যে এনে কুকুৰক পোহনীয়া জন্তু হিচাপে ৰাখিছে তেওঁলোকে যাতে নিৰ্বীজকৰণ কৰি ৰাখে। আৰু যাতে পোৱালি জন্ম নহয় চাবলৈ কোৱা হৈছে।

চৰকাৰী বিবৃতি অনুসৰি নিষিদ্ধৰ তালিকাত পিটবুল টেৰিয়াৰ, ড’গো আৰ্জেণ্টিনো, আমেৰিকান বুলডগ, দক্ষিণ এছিয়ান শ্বেফাৰ্ড ডগ, টৰ্জনাক, জাপানীজ টোছা, আকিটা, ৰটৱেইলাৰ, ৰোডেছিয়ান ৰিজবেক, উলফ ডগ, মস্কো গাৰ্ড, কেন কৰ্চো, কংগল, ফিলা ব্ৰাজিলেইৰ’কে ধৰি বিভিন্ন জাতৰ কুকুৰ উল্লেখ কৰা হৈছে।





