NORTHEAST NOW (Assamese)
Popular Stories

উৰিষ্যাৰ ৰে’ল দুৰ্ঘটনা :  পিতৃ-মাতৃক হেৰুওৱা শিশুৰ শিক্ষাৰ দায়িত্ব ল’ব আদানী গ্ৰুপে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 5, 2023 9:44 am

উৰিষ্যাৰ বালাছ’ৰত সংঘটিত হোৱা মৰ্মান্তিক ৰে’ল দুৰ্ঘটনাত নিজৰ পিতৃ-মাতৃক হেৰুৱাই কেইবাটাও শিশুৱে অনাথ জীৱন আকোঁৱালি ল’বলগা হৈছে।

এই দুৰ্ঘটনাত পিতৃ-মাতৃক হেৰুওৱা শিশু সকলৰ দায়িত্ব আৰু ভৱিষ্যতক লৈ প্ৰশ্ন উত্থাপন হোৱা সময়তে তেওঁলোকৰ শিক্ষাৰ দায়িত্ব ল’বলৈ আগবাঢ়ি আহিছে দেশৰ আগশাৰীৰ কৰ্পৰেট গোষ্ঠী ‘আদানী গোট’।

এই ঘোষণা কৰিছে আদানী গোটৰ অধ্যক্ষ গৌতম আদানীয়ে। আদানীয়ে নিজৰ টুইটাৰত লিখিছে, “আমি সিদ্ধান্ত লৈছোঁ যে এই দুৰ্ঘটনাত পিতৃ-মাতৃক হেৰুৱাই পেলোৱা শিশুসকলৰ স্কুলীয়া শিক্ষাৰ দায়িত্ব আদানী গোটে ল’ব।”

লগতে পঢ়কঃ পাষাণ শহুৰেকে দাৰে ঘপিয়াই কাটি পেলালে বোৱাৰীয়েকত হাত : তিনিচুকীয়াত নাৰী নিৰ্যাতনৰ ভয়ানক ঘটনা

তেওঁ লগতে লিখিছে, ‘ভুক্তভোগী আৰু তেওঁলোকৰ পৰিয়ালক শক্তি প্ৰদান কৰাটো আমাৰ সকলোৰে যৌথ দায়িত্ব।’

ইফালে আজি ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে দুৰ্ঘটনাৰ মূল কাৰণ আৰু ইয়াৰ বাবে দায়ী লোকসকলক চিনাক্ত কৰা হৈছে। তেওঁ কয় যে ইলেক্ট্ৰনিক ইন্টাৰলকৰ পৰিৱৰ্তনৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হৈছে।

উল্লেখ্য যে, ২ জুনৰ নিশা সংঘটিত হোৱা এই ভয়ংকৰ ৰেল দুৰ্ঘটনাত প্ৰায় ৩০০ লোকৰ প্ৰাণহানি হোৱাৰ লগতে ৯০০ৰো অধিক লোক আহত হয়। উপলব্ধ তথ্য অনুসৰি ভাৰতৰ ভিতৰতে চতুৰ্থ মাৰাত্মক এই ৰেল দুৰ্ঘটনাটো কলকাতাৰ পৰা প্ৰায় ২৫০ কিলোমিটাৰ দক্ষিণে আৰু ভুৱনেশ্বৰৰ পৰা ১৭০ কিলোমিটাৰ উত্তৰে বালাছ’ৰ জিলাৰ বাহানাগা বাজাৰ ষ্টেচনৰ সমীপত যোৱা শুকুৰবাৰে সন্ধিয়া প্ৰায় ৭ বজাত সংঘটিত হয়।

লগতে পঢ়কঃ ঠিক যেন শচীনৰ দৰেই…: গিলৰ প্ৰশংসাত পঞ্চমুখ পাক কিংবদন্তি আক্ৰাম