NORTHEAST NOW (Assamese)
অসম

২২ জুনত প্ৰকাশ পাব এন আৰ চিৰ অতিৰিক্ত খচৰা : বহু লোকৰ নাম বাদ পৰাৰ আশংকা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 7, 2019 11:20 am
712389-711302-assam-nrc-centre

চলিত মাহত প্ৰকাশ পাবলগীয়া এন আৰচিৰ অতিৰিক্ত খচৰাত বহু লোকৰ নাম বাদ পৰাৰ আশংকা কৰা হৈছে। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি পূৰ্বতে ১৫ জুনত এই অতিৰিক্ত খচৰা প্ৰকাশ পাবলগীয়া আছিল যদিও এই সময়সীমা ২২ জুনলৈ বৃদ্ধি কৰা হৈছে।

প্ৰকাশ পাবলগীয়া এন আৰ চিৰ এই অতিৰিক্ত খচৰাই ইতিমধ্যে এন আৰ চিত নাম সোমোৱা লোকৰ মনতো আশংকাৰ সৃষ্টি কৰিছে। খচৰাত নাম অন্তৰ্ভুক্ত হোৱা সকলৰ ভিতৰত কিছু লোকৰ নাম অতিৰিক্ত খচৰাত বাদ পৰিব বুলি জানিব পৰা গৈছে।

এন আৰ চিত মুঠ ৩.২৯ কোটি আৱেদনকাৰীৰ ভিতৰত ২.৮৯ কোটি লোকৰ নাম এন আৰ চিৰ খচৰত অন্তৰ্ভুক্ত হৈছিল যদিও তেওঁলোকৰ সকলোৰে নাম অতিৰিক্ত খচৰাত দেখা নাযাবও পাৰে। কিয়নো খচৰা প্ৰকাশৰ পাছতে বহু সন্দেহযুক্ত লোকৰ নাম অন্তৰ্ভুক্ত হোৱাৰ তথ্য প্ৰকাশ পাইছিল।

মৰিগাঁৱতে প্ৰায় দুশ সন্দেহযুক্ত লোকৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত হোৱাৰ তথ্য প্ৰকাশ কৰিছিল জিলাৰ উপায়ুক্তই। তদুপৰি, বিদেশী ন্যায়াধিকৰণে বিদেশী বুলি ৰায় দিয়া আৰু ভোটাৰ তালিকাত ডি-ভোটাৰ হৈ থকা বহু লোকৰ নাম এন আৰ চিৰ খচৰাত অন্তৰ্ভুক্ত হৈ থকাৰ সন্দেহ কৰা হৈছিল।

এন আৰ চি কৰ্তৃপক্ষই এই বিষয়ে পুনৰীক্ষণ কৰাৰ পাছত আৰু এখন অতিৰিক্ত খচৰা প্ৰকাশ বাবে উচ্চতম ন্যায়ালয়ত আৱেদন জনাইছিল। আদালতে অতিৰিক্ত খচৰা প্ৰকাশৰ অনুমতি দি  প্ৰকাশ কৰিবলৈ নিৰ্দেশ দিছিল আৰু সেয়া ২২ জুনত প্ৰকাশ পোৱাটো নিশ্চিত কৰা হৈছে।

এতিয়া অতিৰিক্ত খচৰাত পূৰ্বে খচৰাত অন্তৰ্ভুক্ত লোকৰ নামো বাদ পৰাটো খাটাং হৈ পৰিছে। চূড়ান্ত খচৰাত প্ৰয় ৪০ লাখ লোকৰ নাম বাদ পৰাৰ পাছত এইবাৰ অতিৰিক্ত খচৰাতো আৰু কিছু লোকৰ নাম বাদ পৰিব।

তথাপি, দাবী-আপত্তি নিষ্পত্তি সম্পন্ন হোৱাৰ পাছত অহা ৩১ জুলাইত প্ৰকাশ পাবলগীয়া চূড়ান্ত এন আৰ চিতহে অসমত বসবাস কৰি থকা সন্দেহযুক্ত লোকৰ প্ৰকৃত সংখ্যা জানিব পৰা যাব।