NORTHEAST NOW (Assamese)
অসম

চৰকাৰলৈ সকীয়নি : ১ ফেব্ৰুৱাৰিৰ পৰা জংগী আন্দোলনৰ হুংকাৰ অতিৰিক্ত শিক্ষক সন্থাৰ

Posted by: এন ই নাও নিউজ December 29, 2018 8:03 am
Teacher_No_Salary-768x496-750x375

চৰকাৰে বাৰে বাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ তুলি এইবাৰ জংগী আন্দোলনৰ হুংকাৰ দিছে সদৌ অসম অতিৰিক্ত শিক্ষক সন্থাই। ৰাজ্যৰ শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই দুমাহৰ ভিতৰত তেওঁলোকৰ সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দিও পালন নকৰাত ক্ষুব্ধ হৈ পৰিছে অতিৰিক্ত শিক্ষক সন্থা।

ৰাজ্যৰ ২৪ খন জিলাৰ চৰকাৰী স্কুলসমূহতে এই বৃহৎসংখ্যক শিক্ষক কৰ্মৰত হৈ থাকিও বিগত ৬ বছৰে তেওঁলোকে দৰমহাৰ পৰা বঞ্চিত হৈ আছে। উল্লেখযোগ্য যে ২০১২ চনলৈ তেওঁলোকে সংশোধিত দৰমহা লাভ কৰি আছিল।

আনহাতে, শিক্ষা বিভাগৰ নিৰ্দেশ অনুসৰি বুনিয়াদী প্ৰশিক্ষণো গ্ৰহণ কৰিছে এই শিক্ষকসকলে। তদুপৰি, স্থায়ী পদত নিযুক্ত ৰাজ্যৰ অন্য কৰ্মচাৰীসকলৰ দৰে তেওঁলোকৰো ছাৰ্ভিছ বুক আছে। তেওঁলোকে আনকি ভৱিষ্যনিধিৰ ধনো লাভ কৰি আছে।

উল্লেখ্য যে ৰাজপথত আন্দোলন নামি পৰা এই শিক্ষকসকলে উপায়ন্তৰ হৈ অৱশেষত আত্মজাহৰ ভাবুকি দিয়াৰ পাছত যোৱা ৭ ছেপ্টেম্বৰত দিচপুৰত শিক্ষা মন্ত্ৰীৰ সৈতে সদৌ অসম অতিৰিক্ত শিক্ষক সন্থাৰ এখন বৈঠক অনুষ্ঠিত হয়। উক্ত বৈঠকত শিক্ষা বিভাগৰ আয়ুক্ত প্ৰীতম শইকীয়া আৰু প্ৰাথমিক শিক্ষা সঞ্চালক সঞ্জীৱ ভূঞাও উপস্থিত আছিল।

উক্ত বৈঠকত শিক্ষা মন্ত্ৰী ভট্টাচাৰ্যই দুমাহৰ ভিতৰত শিক্ষকসকলৰ সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দিছিল। তদুপৰি, বেতন বঞ্চিত শিক্ষকসকলৰ পদসমূহ নিয়মীয়াকৰণ আৰু নিয়মিত দৰমহা প্ৰদানৰ প্ৰতিশ্ৰুতিও দিয়া হৈছিল।

কিন্তু দুৰ্ভাগ্যজনকভাৱে, চাৰি মাহ উকলি যোৱাৰ পাছতো চৰকাৰে প্ৰতিশ্ৰুতি পালন নকৰাত ক্ষুব্ধ হৈ পৰিছে অতিৰিক্ত শিক্ষক সন্থা। সেয়েহে পুনৰ তেওঁলোকে ৰাজপথত নমাৰ বিকল্প বিচাৰি পোৱা নাই।

সদৌ অসম অতিৰিক্ত শিক্ষক সন্থাৰ সভাপতি নীলমণি নাথ আৰু সাধাৰণ সম্পাদক দিলীপ তাঁতীয়ে জানিবলৈ দিয়ে যে জানুৱাৰি মাহৰ ভিতৰত যদিহে শিক্ষামন্ত্ৰীয়ে প্ৰতিশ্ৰুতি ৰক্ষা নকৰে তেন্তে ১ ফেব্ৰুৱাৰিৰ পৰা শিক্ষক সন্থাই জংগী আন্দোলনৰ ঘোষণা কৰিব।