NORTHEAST NOW (Assamese)

আধাৰ কাৰ্ড নহ’লে এইখন ৰাজ্যত চেলুনত চুলি কটাৰ পৰা বঞ্চিত হ’ব আপুনি

June 3, 2020 9:12 am · এন ই নাও নিউজ

চতুৰ্থ পৰ্যায়ৰ ল’কডাউনৰ সামৰণি পৰাৰ পাছত ১ জুনৰ পৰা আৰম্ভ হোৱা আনল’ক-১-ৰ সময়ত চৰকাৰে চেলুন আৰ পাৰ্লাৰ সমূহ খোলাৰ বাবে অনুমতি প্ৰদান কৰিছে।

চৰাকাৰৰ পাছতে তামিলনাডুত চেলুন আৰু স্পা সমূহ খোলা দেখা গৈছে।

তামিলনাডু চৰকাৰে চেলুন আৰু স্পা সমূহক ইয়াৰ গ্ৰাহক সকলৰ সম্পূৰ্ণ পৰিচয়, ফোন নম্বৰ আৰু আধাৰ কাৰ্ড জমা ৰখাৰ বাবে নিৰ্দেশ দিছে যাতে প্ৰয়োজন হ’লে কন্টাক ট্ৰেছিঙৰ বাবে ইয়াক ব্যৱহাৰ কৰিব পৰা যায়।

আনহাতে, চেলুন আৰু স্পা-সমূহৰ প্ৰৱেশ পথত হেণ্ড চেনিটাইজাৰ আৰু টিছু পেপাৰ ৰখাৰ বাবেও চৰকাৰে নিৰ্দেশনা জাৰি কৰিছে।

ব্যৱহাৰ হোৱা টিছু সমূহ গ্ৰাহক আৰু মালিকপক্ষই সঠিক স্থানত জমা কৰাৰ বাবেও চৰকাৰে আহ্বান জনাইছে। কোনো চেলুন কৰ্তৃপক্ষই এনেবোৰ নিৰ্দেশনা ভংগ কৰিলে তামিলনাডু চৰকাৰে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে।

দেশত প্ৰথম পৰ্যায়ৰ ল’কডাউন ঘোষণা কৰাৰ পাছৰে পৰা চেলুন, বিউটি পাৰ্লাৰ, স্পা সমূহ বন্ধ হৈ আছিল।

চৰকাৰে চেলুন, পাৰ্লাৰ সমূহ খোলাৰ নিৰ্দেশ দিয়াৰ পাছত বিভিন্ন স্থানত পিপিই কিট, মাস্ক আদি পৰিধান কৰি নাপিত সকলে গ্ৰাহকৰ চুলি কটা দেখা গ’ল।

Related News