NORTHEAST NOW (Assamese)
অসম

আধাৰ কাৰ্ড বাধ্যতামূলক! আধাৰ নহ’লে নাপাব কেন্দ্ৰীয় চৰকাৰৰ সাহায্য

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 18, 2020 3:40 pm
New-Aadhar-Card-Apply-1140x570-750x375

এতিয়াৰে পৰা যিকোনো কেন্দ্ৰীয় চৰকাৰৰ সাহায্য লাভ কৰিবলৈ হ’লে আধাৰ কাৰ্ড দেখুৱাব লাগিব।

দেশত কেতিয়াবা কোনো সাম্প্ৰদায়িক সংঘৰ্ষ বা মাওবাদীসকলৰ হিংসা, সীমান্তৰ সিপাৰৰ গুলিয়াগুলী তথা খনি বা আই ডি বিস্ফোৰণত আক্ৰান্তসকলৰ পৰিয়ালৰ সদস্যৰ আধাৰ কাৰ্ড থকাটো বাধ্যতামূলক।

ইয়াৰ অবিহনে কেন্দ্ৰই কোনোধৰণৰ আৰ্থিক সাহায্য প্ৰদান নকৰে।

কেন্দ্ৰৰ তৰফৰ পৰা শুকুৰবাৰে এই কথা স্পষ্ট কৰি জাৰি কৰা এক বিজ্ঞপ্তিত কোৱা হৈছে যে সন্ত্ৰাসবাদী বা মাওবাদী আক্ৰমণ তথা সাম্প্ৰদায়িক সংঘৰ্ষত আক্ৰান্ত পৰিয়ালে কেন্দ্ৰীয় চৰকাৰৰ সাহায্য লাভ কৰিবলৈ হ’লে এইবাৰৰ পৰা আধাৰ কাৰ্ড বাধ্যতামূলক।

অৱশ্যে, অসম আৰু মেঘালয়ক বাদ দি দেশৰ সকলো ৰাজ্য তথা সকলো কেন্দ্ৰীয় শাসিত অঞ্চলতে এই নিয়ম প্ৰযোজ্য হ’ব।

উল্লেখযোগ্য যে কিছুদিন পূৰ্বে কেন্দ্ৰীয় চৰকাৰৰ পেঞ্চন আঁচনিৰ সৈতে আধাৰ সংযোগ বাধ্যতামূলক কৰা হৈছিল।

আধাৰ কাৰ্ড বাধ্যতামূলক কৰাক লৈ উচ্চতম ন্যায়ালয়েও আনকি আধাৰ বাধ্যতামূলক নহয় বুলি ৰায় দিছে। কিন্তু কেন্দ্ৰীয় চৰকাৰৰ আঁচনিত কেন্দ্ৰই বিচাৰিলে সেয়া বাধ্যতামূলক কৰিব পাৰে বুলি দিয়া ৰায়টোৰ আঁত ধৰি কেন্দ্ৰীয় চৰকাৰে চৰকাৰী সাহায্যৰ ক্ষেত্ৰত আধাৰ বাধ্যতামূলক কৰাৰ চেষ্টা চলাইছে।