NORTHEAST NOW (Assamese)
অসম

এমি এৱাৰ্ডছত আদিল হুছেইন অভিনীত ‘দিল্লী ক্ৰাইম’লৈ বেষ্ট ড্ৰামা ছিৰিজৰ বঁটা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 24, 2020 12:43 pm
Delhi-Crime-1024x512

৪৮সংখ্যক ইন্টাৰনেশ্যনেল এমি এৱাৰ্ডছত ভাৰতে সফলতা লাভ কৰিছে।২০১২ৰ নিৰ্ভয়া গণধৰ্ষণ তথা হত্যাৰ ঘটনাৰে নিৰ্মিত আদিল হুছেইন অবিনীত নেটফ্লিক্সৰ ৱেব ছিৰিজ ‘দিল্লী ক্ৰাইম’য়ে বেষ্ট ড্ৰামা ছিৰিজৰ বঁটা লাভ কৰে।

ৰাজধানী দিল্লীত চলন্ত বাছত গণধৰ্ষণৰ বলি হয় পেৰামেডিকেলৰ ছাত্ৰী। বাধা দিয়াৰ সময়ত প্ৰেমিকক বেয়াকৈ মাৰপিট কৰা হয়। নৃশংস নিৰ্যাতন চলোৱাৰ পাছত ছাত্ৰীৰ যৌনাংগত লোহাৰ ৰ’ড সুমুৱাই দিয়া হৈছিল।

ইয়াৰ পাছত চলন্ত বাছৰ পৰা নিৰ্যাতিতাগৰাকীৰ লগতে প্ৰেমিকক বাহিৰত পেলাই থৈ যায়। চিকিৎসা কৰিও বচাব পৰা নগ’ল সেই যুৱতীক।

মানৱতাক লজ্জিত কৰা সেই জঘন্য নিৰ্ভয়া কাণ্ডক লৈ দেশজুৰি তুমুল প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। চলিত বছৰতেই সেই ঘটনাত জড়িত পাষণ্ডকেইজনক ফাঁচীৰ ৰায় দিয়া হয়।

নিৰ্ভয়াৰ সেই শিহৰণকাৰী গণধৰ্ষণ আৰু হত্যাৰ ঘটটনাক লৈ নিৰ্মাম কৰা নেটফ্লিক্সৰ ৱেব ছিৰিজ ‘দিল্লী ক্ৰাইম’ত আদিল হুছেইন, শেফালি শ্বাহে অভিনয় কৰিছে। ছবিখনৰ পৰিচালক ৰিচি মেহতা।

কৰ’না সংকটৰ বাবে এইবাৰ ৪৮সংখ্যক ইন্টাৰনেশ্যনেল এমি এৱাৰ্ডছৰ বঁটা প্ৰদান অনুষ্ঠান ভাৰ্চুৱেল ৰূপে কৰা হয়।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্কত অনুষ্ঠিত এই বঁটা প্ৰদান অনুষ্ঠানত প্ৰথমবাৰৰ বাবে কোনো দৰ্শক উপস্থিত নাছিল।