NORTHEAST NOW (Assamese)
অসম

দেশত এইবাৰ বাৰ্ড ফ্লুৰ তাণ্ডৱ; কেৰালাত বাৰ্ড ফ্লুক ‘ৰাজ্যিক দুৰ্যোগ’ ঘোষণা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 6, 2021 11:26 am
দেশত এইবাৰ বাৰ্ড ফ্লুৰ তাণ্ডৱ; কেৰালাত বাৰ্ড ফ্লুক ‘ৰাজ্যিক দুৰ্যোগ’ ঘোষণা

ক’ৰ’না ভাইৰাছৰ আতংক চলি থকাৰ সময়তে এইবাৰ দেশত পুনৰ আৰম্ভ হৈছে বাৰ্ড ফ্লুৰ আতংক।

কেৰালা, মধ্যপ্ৰদেশ, ৰাজস্থান, হাৰিয়ানাত বাৰ্ড ফ্লুৰ সংক্ৰমণে জটিল ৰূপ ধাৰণ কৰাৰ সময়তে দেশৰ অন্যান্য ৰাজ্যসমূহলৈয়ো বাৰ্ড ফ্লু বিস্তাৰিত হোৱাৰ সম্ভাৱনাই দেখা দিছে।

কেন্দ্ৰীয় পৰিৱেশ, বন মন্ত্ৰ্যালয়ে সকলো ৰাজ্যৰ বন বিভাগক বাৰ্ড ফ্লু সন্দৰ্ভত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে।

ইতিমধ্যে কেৰালা চৰকাৰে বাৰ্ড ফ্লুক ৰাজ্যিক হিচাপে দুৰ্যোগ ঘোষণা কৰিছে। কেৰালাত এতিয়ালৈ ১৫০০০-ৰ অধিক হাঁহৰ বাৰ্ড ফ্লুৰ সংক্ৰমণৰ ফলত মৃত্যু হৈছে।

পৰিভ্ৰমী চৰাইৰ মাধ্যমেৰে এই বাৰ্ড ফ্লু এখন ৰাজ্যৰ পৰা অন্য ৰাজ্যলৈ সংক্ৰমিত হ’ব বুলি ধাৰণা কৰা হৈছে।

মধ্যপ্ৰদেশত ইতিমধ্যে সহস্ৰাধিক কাউৰীৰ মৃত্যু হৈছে।

অসমৰো নলবাৰী আদি জিলাৰ কেইবাখনো ফাৰ্মত কুকুৰাৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।

বহু সংখ্যক ফাৰ্মৰ গৰাকীয়ে অতি কম মূল্যত অৱশিষ্ট কুকুৰা সমূহ বিক্ৰী কৰি দিবলগীয়া হৈছে।