NORTHEAST NOW (Assamese)
অসম

কৰ’না আতংক : ডিমা হাছাও জিলাত সাপ্তাহিক বজাৰ সমূহ বন্ধ ৰখাৰ নিৰ্দেশ

Posted by: পঙ্কজকুমাৰ দেৱ Updated by: পঙ্কজকুমাৰ দেৱ March 16, 2020 6:17 pm
Market

কৰ’না ভাইৰাছৰ  সংক্ৰমণ ৰোধ কৰাৰ প্ৰতি লক্ষ্য ৰাখি ডিমা হাছাও জিলাৰ প্ৰতিখন সাপ্তাহিক বজাৰ সাময়িকভাৱে বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদে।

আজি পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ এক জৰুৰী বৈঠকত বজাৰ সমূহ বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছত জিলাৰ প্ৰতিখন পৌৰ সভা  আৰু নগৰ কমিটিৰ চেয়াৰমেনৰ উপৰি জিলাৰ প্ৰতিখন বজাৰ কমিটিৰ সচিৱক ততাতৈয়াকৈ ব্যৱস্থা গ্ৰহণ কৰাৰ নিৰ্দেশ দিয়া হয়।

ডিমা হাছাও জিলাৰ তথ্য আৰু জনসংযোগ বিভাগৰ ফালৰ পৰা জাৰি কৰা প্ৰেছ বিজ্ঞপ্তিত স্পষ্টকৈ উল্লেখ কৰা হয় যে, বিশ্বজুৰি ত্ৰাস সৃষ্টি কৰা কৰ’না ভাইৰাছ (ক’ভিড -১৯)ৰ  সংক্রমণৰ পৰা  ৰক্ষা পাবলৈ এই তাৎক্ষণিক পদক্ষেপ লোৱা হয়।

অবশ্যে, পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ ফালৰ পৰা নতুন নিৰ্দেশ জাৰি নকৰালৈকে সাপ্তাহিক বজাৰসমূহ বন্ধ থাকিব।

উল্লেখযোগ্য যে, আজিৰ পৰা ৰাজ্যজুৰি শিক্ষা প্ৰতিষ্ঠান, চলচ্চিত্ৰ গৃহ, জিম, চুইমিং পুল আদি ২৯ মাৰ্চ পৰ্যন্ত বন্ধ ৰখাৰ নিৰ্দেশ দিয়া হৈছে।

ভাৰতত এতিয়ালৈ ১০০ ৰো অধিক লোক কৰ’নাত আক্ৰান্ত হোৱাৰ বিপৰীতে দুগৰাকী লোকৰ মৃত্যু হৈছে।