NORTHEAST NOW (Assamese)

এটাও পৰীক্ষা নিকাকৈ পাতিব নোৱাৰে চৰকাৰে! ভাইৰেল হ’ল ১৫ ছেপ্তেম্বৰৰ ADRE ৰ প্ৰশ্নকাকত

September 16, 2024 6:23 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী

যোৱা ১৫ ছেপ্তেম্বৰত অনুষ্ঠিত হোৱা অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ সম্পূৰ্ণ প্ৰশ্নকাকত মোবাইলে মোবাইলে ভাইৰেল হৈ পৰিছে।

কেইবাটাও Whatsapp গোটত ADRE ৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ অভিযোগ উত্থাপন হৈছে।

নৰ্থইষ্ট নাওৰ সাংবাদিকৰ হাতত আহি পৰিছে উক্ত পৰীক্ষাৰ ভাইৰেল হোৱা সম্পূৰ্ণ প্ৰশ্নকাকতখন।

চাহিদুল ইছলাম নামৰ এজন ব্যক্তিৰ নাম আছে ভাইৰেল হোৱা প্ৰশ্নকাকতখনত।

উল্লেখ্য যে হৈ যোৱা পৰীক্ষাটোত কোনো পৰীক্ষাৰ্থীকে পৰীক্ষা হলৰ পৰা প্ৰশ্নকাকত লগত লৈ আনিবলৈ দিয়া হোৱা নাছিল।

তেনেস্থলত এই প্ৰশ্নকাকত কেনেকৈ বিয়পি পৰিল তাক লৈ সন্দেহৰ সৃষ্টি হৈছে।

Related News