NORTHEAST NOW (Assamese)
অসম

প্ৰকৃতি সুৰক্ষাৰ উদ্দেশ্যে বাঁহৰ ভুৰেৰে মহাবাহুৰ বুকুৰে মাজুলীৰ পৰা গুৱাহাটী পালেহি তিনি যুৱক

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া October 8, 2020 5:13 pm

তিনি যুৱকৰ এক দু: সাহসিক অভিযান। বাঁহৰ ভূৰৰে মহাবাহু ব্ৰহ্মপুত্ৰত কোবাল সোঁতক নেওচি যাত্ৰা তিনি যুৱকৰ।

গুৱাহাটীৰ শেখৰ বৰদলৈ আৰু মাজুলীৰ ৰিছান দলেই মাজুলীৰ পৰা গুৱাহাটীলৈ লুইতৰে কৰা  যাত্ৰাৰ সহযোগী হিচাপে আছিল ফটোগ্ৰাফাৰ নয়ন বৰদলৈ।

প্ৰকৃতি সুৰক্ষা আৰু sustainable development সম্পৰ্কে সচেতনতা সৃষ্টিৰ উদ্দেশ্যে তিনি যুৱকৰ এই অভিযান।

যোৱা ৩০ ছেপ্টেম্বৰত  তেওঁলোকে মাজুলীৰ পৰা আৰম্ভ কৰিছিল যাত্ৰা। ৮ দিনৰ পাছত কালি মাজনিশা গুৱাহাটীত উপস্থিত হয় তিনিও যুৱক।

আজি উমানন্দ ঘাটত তিনিও যুৱককে শুভেচ্ছা জনায় জ্যেষ্ঠ অধিবক্তা সত্যেন প্ৰসাদ শৰ্মা, জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈ আৰু আলফাৰ প্ৰাক্তন উপ সভাপতি প্ৰদীপ গগৈয়ে।

সংবাদমাধ্যমৰ আগত দুয়ো যুৱক ক্ৰমে শেখৰ আৰু ৰিছানে তেওঁলোকৰ এই যাত্ৰাৰ অভিজ্ঞতা, উদ্দেশ্য আৰু ভৱিষ্যত পৰিকল্পনা সম্পৰ্কে অৱগত কৰে।

শেখৰে কয় ‘দুঃ সাহসিক ক্ৰীড়া ভালপোৱা বাবেই এই কাম কৰিছিলো। দুঃ সাহসিক পৰ্য্যটনৰ প্ৰতি  যাতে জনসাধাৰণৰ আগ্ৰহ বাঢ়ে তথা বিদেশৰ পৰা পৰ্য্যটক দুঃসাহসিক পৰ্য্যটনৰ বাবে অসমলৈ আহে সেই বাবেহে এই ক্ৰীড়া কৰিছিলো। যাত্ৰাৰ সময়ত নদীখনক আমি বুজি উঠিছিলো লাহে লাহে।‘

‘আমাৰ মূল উদ্দেশ্য প্ৰকৃতি সুৰক্ষা হ’ব লাগে। দিহিং পাটকাইত যি কয়লা খনন হোৱাৰ কথা আছে সেয়াই প্ৰকৃতিৰ বহুখিনি ক্ষতি কৰিব। প্ৰকৃতি ধ্বংস কৰাৰ কাৰ্য্যৰ আমি বিৰোধ কৰো।‘ শেখৰে লগতে কয়।

ইপিনে, ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে সাংবাদিকে প্ৰশ্ন কৰাত তেওঁ কয় ‘আমি অন্য যুৱক-যুৱতীসকলক এই দুঃসাহসিক অভিযানৰ প্ৰতি আকৃষ্ট কৰাৰ চেষ্টা কৰিছো। অন্য নদীতো আমি ৰাফটিং কৰিম।‘

ইয়াৰোপৰি, ৰিচানে কয় ‘আমি নদীৰ লগত সৰুৰে পৰা ডাঙৰ হৈছো। গতিকে কেনেধৰণৰ সচেতনতা অৱলম্বন কৰিব লাগে সেয়া জানো। আমি প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈকে নদীত এই দুঃসাহসিক ক্ৰীড়া কৰিছিলো।‘