NORTHEAST NOW (Assamese)

বজালীত অতিৰিক্ত উপায়ুক্তৰ স্বাক্ষৰ জাল কৰাৰ অভিযোগত গ্ৰেপ্তাৰ অধিবক্তা

May 15, 2024 6:55 am · এন ই নাও নিউজ, গুৱাহাটী
স্বাক্ষৰ জাল কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা অধিবক্তা প্ৰীতম দেৱ চৌধুৰী।ফটোঃ সংগ্ৰহীত।

বজালীত এগৰাকী অতিৰিক্ত উপায়ুক্তৰ স্বাক্ষৰ জাল কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হ’ল এগৰাকী অধিবক্তা।

বজালী জিলাৰ এখন আদালতত প্ৰেকটিছ কৰা অধিবক্তাগৰাকীয়ে শপতনামাত স্বাক্ষৰ জাল কৰাৰ অভিযোগ উত্থাপন হৈছে।

অভিযুক্ত অধিবক্তাগৰাকীৰ নাম প্ৰীতম দেৱ চৌধুৰী।

অভিযোগ অনুসৰি তেওঁ বজালীৰ অতিৰিক্ত উপায়ুক্ত প্ৰাঞ্জল কোঁৱৰৰ স্বাক্ষৰ জাল কৰিছিল।

ঘটনাৰ বিষয়ে জানিব পাৰি বজালী জিলা প্ৰশাসনৰ দণ্ডাধীশ গৌৰৱ শেখৰ দাসে চৌধুৰীৰ বিৰুদ্ধে প্ৰথম তথ্য প্ৰতিবেদন (এফআইআৰ) দাখিল কৰে।

এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি চৌধুৰীক গ্ৰেপ্তাৰ কৰিছে। 

Related News