NORTHEAST NOW (Assamese)

ক্ষমা খুজিবলৈ অনিচ্ছুক : মুখ্য ন্যায়াধীশলৈ জোতা দলিয়াই তিলমানো অনুতপ্ত নহয় অধিবক্তা ৰাকেশ কিশোৰ

October 7, 2025 7:20 pm · এন ই নাও নিউজ, গুৱাহাটী

দেশৰ মুখ্য ন্যায়াধীশ বি আৰ গাভাইলৈ জোতা নিক্ষেপ কৰি অলপো অনুশোচনা নাই জ্যেষ্ঠ অধিবক্তা ৰাকেশ কিশোৰৰ। ঘটনাৰ পাছত ভাৰতীয় বাৰ কাউন্সিলে ৭১ বছৰীয়া জ্যেষ্ঠ অধিবক্তাগৰাকীক নিলম্বন কৰে যদিও এই কাৰ্যৰ বাবে তেওঁ ক্ষমা খুজিবলৈ অনিচ্ছুক।

মঙলবাৰে মুখ্য ন্যায়াধীশগৰাকীয়ে ভগৱান বিষ্ণু সন্দৰ্ভত দিয়া এটা মন্তব্যই তেওঁৰ ধৰ্মীয় অনুভূতিত আঘাত দিয়া বুলি কয় ৰাকেশ কুমাৰে। ৰাকেশ কুমাৰে অভিযোগ কৰে যে ন্যায়পালিকাৰ এটা অংশই সনাতন ধৰ্মৰ প্ৰতি একপক্ষীয় মনোভাৱ প্ৰকাশ কৰিছে।

তেওঁ লগতে কলে যে মই যি কৰিলোঁ সেয়া খঙৰ বাবে নহয়। হিন্দু ধৰ্মৰ বিষয়ে ন্যায়াধীশে কৰা মন্তব্যৰ বাবে মই এই কাম কৰিলো। গতিকে মোৰ কোনো অনুশোচনা বা আক্ষেপ নাই।

তেওঁ আৰু অভিযোগ কৰে যে যেতিয়া অন্য ধৰ্মৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হয় তেতিয়া ন্যায় ব্যৱস্থাৰ আচৰণ বেলেগ হয়। কিন্তু যেতিয়া হিন্দু পৰম্পৰা আৰু ৰীতি-নীতি সন্দৰ্ভত গোচৰ আহে তেতিয়া আদালতে কঠোৰ ভূমিকা গ্ৰহণ কৰে।  এই কথাত মই অতি দুখী আৰু মই ভাবো তেওঁলোকে এই কাম কৰা উচিত নহয়।

ৰাকেশ কিশোৰে লগতে কয়, “মুখ্য ন্যায়াধীশে ভাবিব লাগে যে যেতিয়া তেওঁ সৰ্বোচ্চ সাংবিধানিক পদত বহি আছে। তেওঁ ‘মিলৰ্ড’ শব্দটোৰ অৰ্থ বুজিব লাগে। তেনেকৈয়ে তেওঁ নিজৰ সন্মান বজাই ৰাখিব লাগে। মৰিচাছলৈ গৈ তেওঁ কলে বুলডজাৰৰ আধাৰত দেশ চলিব নোৱাৰে৷ মই মুখ্য ন্যায়াধীশক সুধিব বিচাৰিছো, যোগী আদিত্যনাথে বুলডজাৰ ব্যৱহাৰ কৰি চৰকাৰী সম্পত্তি বলপূৰ্বকভাৱে দখল কৰা সকলক উচ্ছেদ কৰি কিবা ভুল কৰিছে নেকি?”

ৰাকেশ কিশোৰে কয়, ‘‘মই কোনো ৰাজনৈতিক দল বা সংগঠনৰ সৈতে জড়িত নহয়। তেওঁলোকৰ পৰা মোৰ কোনো সমৰ্থন নাই। আজিলৈকে মোৰ বিৰুদ্ধে কোনো অপৰাধমূলক গোচৰ নাই। মই হিংসাৰ কঠোৰ বিৰোধী। এজন অহিংস, সহজ-সৰল, সাধাৰণ, সৎ ব্যক্তিয়ে কিয় এনে কাম কৰিব? ইয়াৰ আঁৰত নিশ্চয় কাৰণ আছে।”উল্লেখ্য যে এজন জ্যেষ্ঠ অধিবক্তাৰ এই আচৰণক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীৰ পৰা সকলো স্তৰৰ, সকলো পক্ষই গৰিহণা দিছে।”

Related News