NORTHEAST NOW (Assamese)
অসম

উচ্চতম ন্যায়ালয়ত মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ অন্তিম দিন: ভৰপূৰ আদালতত অধিবক্তাৰ প্ৰশংসা; মিচিকিয়াই হাঁহি কি ক’লে গগৈয়ে?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 15, 2019 12:23 pm
456448-297024-ranjan-gogoi

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ অসম সন্তান ৰঞ্জন গগৈয়ে অহা ১৭ নৱেম্বৰত অৱসৰ গ্ৰহণ কৰিব। কিন্তু উচ্চতম ন্যায়ালয়ত আজি আছিল তেওঁৰ অন্তিমটো কৰ্মদিন।

ইয়াকে লৈ আজি উচ্চতম ন্যায়ালয়ৰ বাৰ এছোচিয়েশ্যনে তেওঁৰ বিদায় সমাৰোহৰ আয়োজন কৰিব।

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে আজি দুপৰীয়া ৩বজাত ৰাজঘাটলৈ যাব।

ইপিনে, অহা ১৮ নৱেম্বৰত দেশৰ নতুন মুখ্য ন্যায়াধীশ হিচাপে এছ এ ব’বডে শপত গ্ৰহণ কৰিব।

শুকুৰবাৰে উচ্চতম ন্যায়ালয়ত বিদায়ী মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে পৰম্পৰা অনুসৰি পৰৱৰ্তী মুখ্য ন্যায়াধীশ শাৰদ অৰবিন্দ ব’বডেৰ সৈতে একেলগে আসন গ্ৰহণ কৰে।

আদালতত আজি তেওঁৰ কামকাজ প্ৰায় ৩ মিনিট সময়হে চলে। ইয়াৰ মাজতে দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে নিজৰ সন্মুখত সূচী অনুসৰি থকা ১০টা গোচৰৰ আটাইকেইটাৰ ওপৰতে জাননী জাৰি কৰে।

শুনানিৰ সময়ত বহুকেইগৰাকী অধিবক্তাই তেওঁলোকৰ যুক্তি দাঙি ধৰাৰ উপৰি তেওঁক প্ৰশংসাৰে উপচাই পেলায়।

নিজৰ সন্মানত এনেধৰণৰ প্ৰশংসা শুনি মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে মিচিকিয়াই হাঁহি মাৰি অধিবক্তাসকলক ধন্যবাদ জনায়।

উল্লেখ্য যে নিজৰ কাৰ্যকালত মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে কেইবাটাও ঐতিহাসিক গোচৰৰ ৰায় প্ৰদান কৰে। ইয়াৰ ভিতৰত অযোধ্যা বিবাদ,ৰাফেল গোচৰ, বিত্ত বিধায়ক আৰু মুখ্য ন্যায়াধীশৰ কাৰ্যালয় আৰ টি আইৰ আওতালৈ অনাৰ ৰায় অন্যতম।