NORTHEAST NOW (Assamese)
অসম

ৰাজ্যৰ ১০ খন জিলাত বিজেপিৰ কিষাণ মৰ্চাৰ ক’ভিড হেল্প ডেস্ক স্থাপন

Posted by: নিৰ্মলেন্দু পাঠক Updated by: নিৰ্মলেন্দু পাঠক May 22, 2021 3:51 pm
op

“সেৱাই সংগঠন “কথাষাৰ সাৰোগত কৰি ভাৰতীয় জনতা পাৰ্টিৰ কিষাণ অসমৰ প্ৰতিখন জিলাতে ৰাইজৰ সুবিধাৰ্থে ক’ভিড হেল্প ডেস্ক স্থাপন কৰিছে।

যোৰহাট জিলাৰ কিষান মৰ্চাৰ সভাপতি ত্ৰৈলোক্য ভুঞাৰ তৎপৰতাত তথা কেইবাগৰাকীও কৰ্মকৰ্তাৰ সহযোগত টীয়ক FRU ৰ প্ৰৱেশ দ্বাৰত এই হেল্প ডেস্ক স্থাপন কৰি ৰোগীসকলক বিনামূলীয়াকৈ মাস্ক, ছেনিটাইজাৰ বিতৰণ কৰি চৰকাৰী সকলো নিৰ্দেশনা অৱলম্বন কৰিবলৈ আহ্বান জনাই আহিছে।

উল্লেখযোগ্য সংগঠনটোৰ এই কাৰ্যসূচী মুঠ ১০খন জিলাত আৰম্ভ হৈছে আৰু পৰৱৰ্তী সময়ত প্ৰতিখন জিলাতে অতি সোনকালে আৰম্ভ হ’ব বুলি জানিবলৈ দিছে কাৰ্যকৰ্তাসকলে।