NORTHEAST NOW (Assamese)
অসম

আলফা স্বাধীনৰ শিবিৰত মৃত্যুবৰণ কৰা বিজু গগৈ ওৰফে ভাগ্য অসমৰ ৰাজহুৱা আদ্য শ্ৰাদ্ধ

Posted by: মানস প্ৰতিম গগৈ, মাৰ্ঘেৰিটা Updated by: মানস প্ৰতিম গগৈ, মাৰ্ঘেৰিটা May 22, 2022 5:01 pm

আলফা স্বাধীনৰ শিবিৰত মৃত্যুবৰণ কৰা বিজু গগৈ ওৰফে ভাগ্য অসমৰ ৰাজহুৱা আদ্য শ্ৰাদ্ধ সম্পন্ন।

আছুৰ একালৰ সক্ৰিয় সদস্য বিজু গগৈ ওৰফে ভাগ্য অসমে কা বিৰোধী আন্দোলনৰ সময়ত সংযুক্ত মুক্তি বাহিনী অসম আলফা স্বাধীনত যোগদান কৰা পিছতেই আলফাৰ শিবিৰত তেওঁৰ মৃত্যু ঘটিছিল।

বিজু গগৈৰ মৃত্যুকলৈ চাঞ্চল্যৰ সৃষ্টি হোৱাৰ সময়তে মানসিক হীনম্যনতাত ভুগি বিজু গগৈয়ে আত্মহত্যা কৰা বুলি আলফা স্বাধীনে স্পষ্টীকৰণ দিছিল ৷

কৰ্তব্যৰত অৱস্থাত নিজ বন্দুকেৰে মূৰত গুলিয়াই আত্মহত্যা কৰা বুলি বিবৃতিত প্ৰকাশ কৰিছিল।এই খবৰে সমগ্ৰ পেঙেৰী অঞ্চলতেই এক শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছিল।

বিজু গগৈৰ আত্মাৰ শান্তি তথা সদগতি বাবে আজি ধৰ্মীয় ৰীতি-নীতিৰে নগাপথাৰ ৰাজহুৱা ৰঙ্গমঞ্চৰ প্ৰাঙ্গণত ৰাজহুৱাকৈ আদ্য শ্ৰাদ্ধ সম্পন্ন কৰা হয়।