NORTHEAST NOW (Assamese)
অসম

সাংসদ দিলীপ শইকীয়া কোভিড-১৯পজিটিভ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 4, 2020 10:01 am
l_DILIP-SAIKIA-1554097049

মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াৰ দেহত বৃহস্পতিবাৰে ধৰা পৰিছে কোভিড-১৯ পজিটিভ।

সাংসদগৰাকীয়ে এক টুইটাৰযোগে এইকথা প্ৰকাশ কৰিছে।

গুৱাহাটী মেডিকেল কলেজ হাস্পাতলত পৰীক্ষা কৰাৰ সময়ত সাংসদ গৰাকীৰ দেহত কোভিড-১৯ পজিটিভ ধৰা পৰে বুলি নিজে জানিবলৈ দিয়ে।

তেওঁ লগতে শেহতীয়াকৈ তেওঁৰ সম্পৰ্কলৈ অহা সকলোকে হোম আইছ’লেশ্যনত থাকিবলৈ আৰু কোভিড টেষ্ট কৰিবলৈ আহ্বান জনাইছে।

প্ৰথমবাৰৰ বাবে বিজেপি সাংসদ হিচাপে নিৰ্বাচিত দিলীপ শইকীয়াৰ উপৰি দলটোৰ আন এগৰাকী লোকসভাৰ সাংসদ যোৰহাট সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈও বুধবাৰে নিশা কৰ’নাত আক্ৰান্ত হৈছে।

ইয়াৰ পূৰ্বে বিজেপিৰ ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাও কোভিড-১৯ত আক্ৰান্ত হৈছিল।

আনহাতে, বৃহস্পতিবাৰে অসম গণপৰিষদৰ জ্যেষ্ঠ নেতা তথা তেজপুৰ সমষ্টিৰ বিধায়ক বৃন্দাবন গোস্বামী আৰু তেওঁৰ পত্নী কোভিড-১৯ত আক্ৰান্ত হৈ জিএমচিএইচত চিকিৎসাধীন হৈছে।

ইতিমধ্যে, ৰাজ্যখনৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈকে ধৰি ২৫গৰাকী বিধায়ক কৰ’নাত আক্ৰান্ত হৈছে।

ৰাজ্যখনৰ বিজেপি নেতৃত্বাধীন মন্ত্ৰীসভাখনৰ পাৰ্বত্য উন্নয়ন মন্ত্ৰী ছুম ৰংহাঙো কোভিড-১৯ত আক্ৰান্ত হৈছে।

আক্ৰান্ত ২৫গৰাকী বিধায়কৰ ভিতৰত ১৩গৰাকী বিজেপিৰ, কংগ্ৰেছৰ ৩গৰাকী, অগপৰ ৪গৰাকী, এআইয়ুডিএফৰ ৩গৰাকীৰ লগতে এগৰাকী বিপিএফ আৰু এগৰাকী নিৰ্দলীয় বিধায়ক আছে।

আনহাতে, ইয়াৰ পূৰ্বে ৰাজ্যখনৰ আন এগৰাকী ৰাজনীতিক নিখিল ভাৰত মহিলা কংগ্ৰেছৰ সভাপতি তথা শিলচৰ লোকসভাৰ প্ৰাক্তন সাংসদ সুষ্মিতা দেবো কৰ’না আক্ৰান্ত হৈছে।