NORTHEAST NOW (Assamese)
অসম

নৱবৰ্ষৰ এটা ক’লা দিন; নাইজাৰত সন্ত্ৰাসবাদী আক্ৰমণত নিহত প্ৰায় ৭৯জন লোক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 3, 2021 12:59 pm
niger file

আফ্ৰিকাৰ নাইজাৰত দুখন গাঁৱত শনিবাৰে সন্ত্ৰাসবাদীয়ে চলোৱা আক্ৰমণত প্ৰায় ৭৯জন লোকৰ মৃত্যু হোৱাৰ বাতৰি পোৱা গৈছে।

দেওবাৰে আন্তৰ্জাতিক বাতৰি সংস্থাসমূহে এই বাতৰি প্ৰকাশ কৰিছে।

নৱবৰ্ষত আফ্ৰিকাৰ এই দেশখন এক ক’লা দিনৰ সাক্ষী হৈ পৰিল।

মালিৰ সৈতে নাইজাৰৰ পশ্চিমাঞ্চলৰ সীমান্তত সংঘটিত এই আক্ৰমণৰ ঘটনাত আন কমেও ১৭জন লোক আহত হোৱাৰ কথাও সদৰী কৰা হৈছে।

নাইজাৰত বৰ্তমান জনগোষ্ঠীসমূহে সশস্ত্ৰ আক্ৰমণ চলাই আহিছে। শনিবাৰে ফ্ৰান্সে জানিবলৈ দিয়া মতে মালিত দেশখনৰ দুজন সেনা নিহত হৈছে।

ইছলামিক সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ফলতে এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে। অল কায়দাৰ সৈতে জড়িত থকা এটা গোটে ফ্ৰান্সৰ সৈনিকৰ হত্যাৰ আঁৰত থকা বুলি ঘোষণা কৰিছিল।

ফ্ৰান্সে পশ্চিম আফ্ৰিকা আৰু য়ুৰোপীয় মিত্ৰৰ সৈতে ছালেহত ইছলামিক সন্ত্ৰাসবাদীৰ বিৰুদ্ধে জোঁট বান্ধিছে।

কিন্তু অঞ্চলটোত জনগোষ্ঠীয় সংঘাত, মানৱ সৰবৰাহ তথা ড্ৰাগছ সৰবৰাহৰ ঘটনাই ব্যাপকভাৱে প্ৰভাৱিত কৰিছে।

শনিবাৰে আক্ৰমণৰ ঘটনাৰ পাছতে ফ্ৰান্সে আক্ৰান্ত অঞ্চলটোলৈ সেনা প্ৰেৰণ কৰিছে। গাওঁ দুখনত কিমান লোক এই আক্ৰমণটোত হতাহত হৈছে তাৰ প্ৰকৃত তথ্য এতিয়াও পোহৰলৈ অহা নাই।