NORTHEAST NOW (Assamese)

মণিপুৰৰ বিদ্ৰোহী সংগঠনৰ ওপৰত আকাশ মাৰ্গেৰে নজৰ ৰাখিছে সেনাৰ চোৰাংচোৱাই

May 6, 2023 4:37 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: May 6, 2023 4:38 pm

মণিপুৰত চলি থকা অস্থিৰ ৰাজনৈতিক পৰিৱেশন আৰু সংঘৰ্ষৰ মাজতে মণিপুৰ আৰু ম্যানমাৰ সীমান্তত থকা বিদ্ৰোহী সংগঠন সমূহৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে ভাৰতীয় সেনাই।

মণিপুৰৰ অস্থিৰ বাতাবৰণ শান্ত কৰাত যাতে বিদ্ৰোহী সংগঠন সমূহে বাধাৰ সৃষ্টি কৰিব নোৱাৰে তাৰ বাবে এই ব্যৱস্থা হাতত লৈছে ভাৰতীয় সেনাই।

স্থলভাগত আসাম ৰাইফলছে দিনে নিশাই কাম কৰি থকাৰ লগতে আকাশ মাৰ্গতো নিৰাপত্তাৰ ব্যৱস্থা কৰিছে চৰকাৰে।

ইতিমধ্যে মণিপুৰত সেনাই পুৱাৰে পৰা চিতা হেলিকপ্টাৰ ব্যৱহাৰ কৰি একাধিক ৰাউণ্ডৰ আকাশী চোৰাংচোৱাগিৰি চলাইছে।

মণিপুৰৰ অস্থিৰ অৱস্থা সোনকালেই নিয়ন্ত্ৰণলৈ অনাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে কেইবাটাও সামৰিক দপ্তৰে। ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে পৰিস্থিতিৰ লগত মোকাবিলা কৰিবৰ বাবে ৰাজ্যখনত মোটায়েন কৰিছে অধিক পৰিমাণৰ সেনা। 

উল্লেখ্য যে অসমত বাস কৰা ছাত্ৰ-ছাত্ৰীকে ধৰি মণিপুৰী ৰাইজে শুকুৰবাৰে গুৱাহাটীত এক বিক্ষোভ প্ৰদৰ্শন কৰি নিজৰ ৰাজ্যত হিংসাত্মক ঘটনাত জড়িতসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনায়। গুৱাহাটীৰ মণিপুৰী বস্তি অঞ্চলত প্ৰধানকৈ মেইটেই সম্প্ৰদায়ৰ শতাধিক লোকে এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

মণিপুৰ সমন্বয় সমিতি, গুৱাহাটীৰ বেনাৰত প্ৰতিবাদকাৰীসকলে ‘মণিপুৰত শান্তি আমাৰ অস্তিত্বৰ বিনিময়ত হ’ব নালাগে’, ‘ন’ এছ টি ন’ ৰেষ্ট’, ‘নো কম্প্ৰমাইজ অন এছ টি ষ্টেটাছ ফৰ মেইটিছ, এয়া আমাৰ অস্তিত্বৰ বাবে’ আদি বাৰ্তা থকা প্লেকাৰ্ড প্ৰদৰ্শন কৰে।

তেওঁলোকে ‘শৰণাৰ্থী, উভতি যাওক’ শ্লোগান উত্থাপন কৰি মণিপুৰৰ সংঘৰ্ষৰ আঁৰৰ দোষীক চিনাক্ত কৰি তেওঁলোকক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী জনায়।

এক বিবৃতিত মণিপুৰৰ কেইবাটাও নাগৰিক সমাজৰ সন্মিলিত সংগঠনৰ সমন্বয় সমিতিখনে চুবুৰীয়া ৰাজ্যখনত শান্তি আৰু সম্প্ৰীতি বজাই ৰাখিবলৈ সংশ্লিষ্ট সকলো পক্ষকে আহ্বান জনায়।

তেওঁলোকে বুধবাৰৰ পৰা মণিপুৰত সংঘটিত হিংসাত্মক ঘটনাত ১০০০ৰো অধিক ঘৰ জ্বলি যোৱাৰ লগতে বহু লোকৰ মৃত্যু হোৱাৰ আশংকা প্ৰকাশ কৰে।

Related News