NORTHEAST NOW (Assamese)
অসম

গাহৰিৰ মৃত্যু সন্দৰ্ভত মন্ত্ৰী অতুল বৰাৰ তথ্য ভুল, পদত্যাগ দাবী

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া May 9, 2020 9:45 pm
African swine fever: Bokakhat organisation refutes official pig death data in Assam

ৰাজ্যত চলি থকা ছোৱাইন ফিভাৰৰ ভয়াৱহতাৰ সময়ত দৰিদ্ৰ লোকক ক্ষতিপূৰণ প্ৰদানৰ বিপৰীতে গাহৰিৰ মৃত্যু সন্দৰ্ভত কৃষি মন্ত্ৰী অতুল বৰাই চূড়ান্ত মিথ্যাচাৰৰ আশ্ৰয় লৈছে বুলি অভিযোগ তুলি মন্ত্ৰীগৰাকীৰ পদত্যাগ দাবী কৰিছে জীপাল কৃষকশ্ৰমিক সংঘই৷

সংঘৰ হৈ উপদেষ্টা সোণেশ্বৰ নৰহ আৰু সম্পাদক প্ৰণৱ দলেই সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত উল্লেখ কৰা মতে, জীৱিকা নিৰ্বাহৰ বাবে গাহৰি পালন আৰু কৃষিকৰ্মক মূল উৎস হিচাপে গ্ৰহণ কৰা অসমৰ বহু হাজাৰ পৰিয়াল সম্প্ৰতি এক অবৰ্ণনীয় বিপৰ্যয়ৰ মাজেৰে দিন অতিবাহিত কৰিব লগা হৈছে।

সংগঠনটোৰ মতে আফ্ৰিকান ছোৱাইন ফিভাৰত ৰাজ্যত ২৬০০টা গাহৰিৰ মৃত্যু হোৱা বুলি মন্ত্ৰী অতুল বৰাই যি তথ্য প্ৰকাশ কৰিছে সেয়া সম্পূৰ্ণ ভুৱা৷

সংগঠনটোৰ মতে কৃষি মন্ত্ৰী অতুল বৰাৰ সমষ্টি বোকাখাতৰ দুসুঁতিমুখ গাঁও পঞ্চায়তৰ চেলেক গাঁৱৰ ২৩৭টা পৰিয়ালৰ ৪২০১টা গাহৰিৰ ইতিমধ্যেই মৃত্যু ঘটিছে৷

একেদৰে গোলাঘাট জিলাৰ সৰুপথাৰ সমষ্টিৰ টেঙানি গাঁওপঞ্চায়তৰ নিকৰি গাঁৱত ১৯৪টা গাহৰি মৃত্যু হেৱাৰ উপৰিও গোগামুখৰ ৯খন গাঁও পঞ্চায়তৰ ৬০খন গাঁৱৰ ১৪,৬৪৭টা, শিৱসাগৰ জিলাৰ ডিমৌ অঞ্চলৰ কতিয়ৰি, ভীমপাৰা, দলপা, ৰজাবাৰী গাঁৱত ৫০০০তকৈ অধিক গাহৰি, দিচাংমুখ অঞ্চলৰ অন্তৰ্গত অফলা গাঁৱত ১১০০টা গাহৰি,  দিখৌমুখৰ আলিমূৰবৰগাঁৱত ৫০০ৰো অধিক গাহৰি আৰু লক্ষীমপুৰৰ কদম মিচিং গাঁও, ৰঙানদী পাৰ, ঘাগৰমাতমৰা অঞ্চলত ১৫০০ৰো অধিক গাহৰিৰ আফ্ৰিকান ছোৱাইন ফিভাৰত মৃত্যু ঘটিছে৷

সংগঠনটোৱে কয় যে এনে সময়ত মন্ত্ৰী অতুল বৰাৰ চূড়ান্ত উদাসীনতা তথা ব্যৰ্থতাৰ সুযোগ গ্ৰহণ কৰি বিভাগীয় একাংশ বিষয়াকৰ্মচাৰীয়ে ক্ষেত্ৰভিত্তিক অধ্যয়ন নকৰাকৈ প্ৰস্তুত কৰা ভুল তথ্যৰ ওপৰত ভিত্তি কৰি মন্ত্ৰীগৰাকীয়ে আবোলতাবোল বকি ৰাইজক বিভ্ৰান্তহে কৰিছে৷

এয়া কেৱল ৰাজ্যখনৰ কেইটামান ঠাইৰ প্ৰতীকী উদাহৰণহে বুলি উল্লেখ কৰি প্ৰয়োজন সাপেক্ষে কমদিনৰ ভিতৰতেই ৰাজ্যৰ সমগ্ৰ জিলাৰ খতিয়ান দিব পৰাকৈ জীপাল সক্ষম বুলি বিবৃতিত উল্লেখ কৰিছে৷

বিবৃতিত উল্লেখ কৰা মতে, লকডাউনৰ বাবে আন্তঃজিলা, উত্তৰপূবৰ ৰাজ্যৰ সমূহ বজাৰ বন্ধ থকাৰ বাবে গাহৰিৰ ব্যৱসায়ো একেবাৰে বন্ধ হৈ পৰিছিল৷ ৰিজৰ্টৰেষ্টুৰেণ্ট আদিও বন্ধ হৈ পৰাত গাহৰি মাংসৰ চাহিদাও হ্ৰাস পাইছিল৷

সংগঠনটোৱে ক্ষতিগ্রস্ত অঞ্চলসমূহত পশু চিকিৎসা বিভাগ আৰু প্ৰশাসনৰদ্বাৰা পশুপালক আৰু খেতিয়কসকলক জৰুৰী সেৱা প্ৰদান কৰাৰ দাবী তুলিছে৷

লগতে বৰ্তমান সময়ৰ বজাৰ মূল্য অনুসৰি গাহৰি সমূহৰ মৃত্যুৰ ক্ষতিপূৰণৰ বাবে চৰকাৰী সাহায্যৰ তাৎক্ষণিক ঘোষণাৰ উপৰিও বিশেষ পেকেজ দাবী কৰে সংগঠনটোৱে৷

ছোৱাইন ফিভাৰ আক্ৰান্ত অঞ্চলবোৰত শীঘ্ৰেই পশু চিকিৎসা শিবিৰ স্থাপন কৰাৰ লগতে  অৰ্থনৈতিক বিপৰ্যয় আৰম্ভ হোৱাৰ আগতেই গাহৰিৰ মৃত্যুৰ বিষয়টোত মুখ্য মন্ত্ৰীৰ পদক্ষেপ গ্ৰহণ দাবী কৰে জীপালে৷