NORTHEAST NOW (Assamese)

কাৰাগাৰৰ ভিতৰত শাৰীৰিকভাৱে অসুস্থ অখিল গগৈ; অনা হৈছে জি এম চি এইচলৈ

February 20, 2020 4:53 pm · কল্পজ্যোতি শইকীয়া
কৃষক নেতা অখিল গগৈ। ফাইল ফটো

কা বিৰোধী আন্দোলনে ভৰপক ৰূপ লোৱাৰ সময়তে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত গ্ৰেপ্তাৰ হোৱা কৃষক নেতা অখিল গগৈ যোৱা দুমাহ ধৰি কেন্দ্ৰীয় কাৰাগাৰত কাৰাৰুদ্ধ হৈ আছে।

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতাগৰাকী কাৰাগাৰত থকাৰ সময়তে অসুস্থ হৈ পৰে। সেয়েহে বৃহস্পতিবাৰে দুপৰীয়া ভাগত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতাললৈ অনা হয় গগৈক।

কাৰাগাৰত থকাৰ সময়তে কৃষক নেতাগৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটিছে বুলি জানিব পৰা গৈছে।

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা মুকুট ডেকাই নৰ্থ ইষ্ট নাওক জনোৱা মতে কৃষক নেতাজন চকু, হাত, ভৰি, দাঁত আৰু প্ৰচণ্ড মূৰৰ বিষত ভুগিছে।

কৃষক নেতাজন ছালৰ সমস্যাতো ভোগা বুলি তেওঁ জানিবলৈ দিয়ে।

জেইলৰ ভিতৰত চিকিৎসকে চিকিৎসা কৰি আছিল যদিও এবাৰ জি এম ছি এইচত চিকিৎসা কৰিবৰ বাবে পৰামৰ্শ দিয়ে জেইল কৰ্তৃপক্ষক।

চকুৰ সমস্যাত ভোগাৰ বাবে ডাক্তৰে চশমা লোৱাৰ বাবে পৰামৰ্শ আগবঢ়াইছে কৃষক নেতাগৰাকীক।

জি এম চি এইচত চৌহদত অখিল গগৈয়ে ৬ নং দফাৰ সম্পৰ্কত কয়, ‘’কেন্দ্ৰীয় চৰকাৰে ৬ নং দফাৰ প্ৰতিবেদন গ্ৰহণ নকৰি অসমীয়া জাতিক অপমান কৰিছে।”

ইপিনে, অতি সোনকালে এই প্ৰতিবেদনখন কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰ্যালয়ে গ্ৰহণ কৰিব লাগে বুলি দাবী জনায় গগৈয়ে।

তদুপৰি নাগৰিকত্ব (সংশোধন) আইন বিৰোধী আন্দোলন স্তিমিত নকৰিবলৈ অসমবাসী ৰাইজক কৃষক নেতাজনে আহ্বান জনায়।

Related News