NORTHEAST NOW (Assamese)

অব্যাহত সন্ত্ৰাসবাদ বিৰোধী অভিযান: কাশ্মীৰত এনকাউণ্টাৰত নিহত দুই সন্ত্ৰাসবাদী

September 16, 2023 1:19 pm · এন ই নাও নিউজ, গুৱাহাটী

জম্মু-কাশ্মীৰত অব্যাহত আছে সন্ত্ৰাসবাদ বিৰোধী অভিযান। উপত্যকাটোৰ অনন্তনাগ জিলাত সন্ত্ৰাসবাদীৰে সংঘৰ্ষত তিনিগৰাকীকৈ সেনা-আৰক্ষী বিষয়াৰ মৃত্যুৰ পিছত এইবাৰ বাৰামুল্লা জিলাতো সংঘৰ্ষৰ সূত্ৰপাত হৈছে।

প্ৰকাশিত খবৰ অনুসৰি, বাৰামুল্লাৰ নিয়ন্ত্ৰণ ৰেখাৰ সমীপত আজি নিৰাপত্তাৰক্ষীৰ সৈতে সংঘৰ্ষত দুজন সন্ত্ৰাসবাদী সদস্য নিহত হয়।উৰি ছেক্টৰৰ হাথলাংগা ফৰৱাৰ্ড এলেকাত সংঘটিত হয় এই এনকাউণ্টাৰ।

দুই সন্ত্ৰাসবাদীৰ মৃত্যুৰ পিছতো অঞ্চলটোত নিৰাপত্তাৰক্ষীৰ অভিযান অব্যাহত আছে বুলি জানিবলৈ দিয়ে কাশ্মীৰ জ’ন আৰক্ষীয়ে। এক টুইট যোগে কাশ্মীৰ জ’ন আৰক্ষীয়ে এই সংঘৰ্ষৰ বিষয়ে প্ৰকাশ কৰে।

আৰক্ষীয়ে লগতে উল্লেখ কৰা মতে, নিহত সন্ত্ৰাসবাদীকেইজনৰ পৰিচয় আৰু তেওঁলোক কোন সন্ত্ৰাসবাদী গোটৰ সদস্য, সেয়া এতিয়াও জানিব পৰা হোৱা নাই।

উল্লেখ্য যে, জম্মু-কাশ্মীৰৰ অনন্তনাগ জিলাত এতিয়াও চলি আছে নিৰাপত্তাৰক্ষী-সন্ত্ৰাসবাদীৰ সংঘৰ্ষ। চাৰি দিন ধৰি চলি থকা এই সংঘৰ্ষত সেনাৰ দুগৰাকী বিষয়া ক্ৰমে নিহত হৈছে।

শুকুৰবাৰে সংঘৰ্ষৰ সময়ত পুনৰ এগৰাকী সেনা জোৱান সন্ধানহীন হয় আৰু আন তিনিগৰাকী জোৱান আহত হয় বুলি জানিব পৰা গৈছে। আনহাতে এই সংঘৰ্ষত এইপৰ্যন্ত সন্ত্ৰাসবাদী গোটৰ হতাহতিৰ বিষয়ে কোনো তথ্য প্ৰকাশ পোৱা নাই।

Related News