NORTHEAST NOW (Assamese)
অসম

অমিতাভৰ পাছত অভিষেক বচ্চনৰো কোভিড-১৯পজিটিভ; জয়া বচ্চন, ঐশ্বৰ্যাৰ ৰিপ’ৰ্ট নিগেটিভ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 12, 2020 7:36 am
amitabh-abhishek-bachchan

পিতৃ অমিতাভ বচ্চনৰ পাছত পুত্ৰ অভিষেক বচ্চনো কোভিড-১৯ত আক্ৰান্ত হৈছে। পিতৃৰ দৰে অভিষেকেও টুইটাৰত তেওঁ কৰ’না আক্ৰান্ত হোৱাৰ খৱৰ জনাইছে।

টুইটত অভিষেকে লিখিছে,’’আজি পুৱাই পিতৃ আৰু মই কৰ’না আক্ৰান্ত হৈছো। আমাৰ দুয়োজনৰে সামান্য লক্ষণ দেখা দিছে। আমাক হাস্পাতল ভৰ্তি কৰা হৈছে।‘’

শনিবাৰে নিশা মুম্বাইৰ ভিলে পাৰ্লৰ নানাৱতী হাস্পাতলত পিতৃ-পুত্ৰ দুয়োকে ভৰ্তি কৰা হয়। কোভিড-১৯ পজিটিভ পোৱাৰ পাছতে তেওঁলোকক হাস্পাতলত ভৰ্তি কৰা হয়।

জুহুত অমিতাভ বচ্চনৰ ঘৰৰ একেবাৰে কাষতে নানাৱতী হাস্পাতল আৰু তাতেই ৭৭বৰ্ষীয় অভিনেতাগৰাকীক ভৰ্তি কৰা হয়।

হাস্পাতল কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে অমিতাভৰ দেহত কৰ’নাৰ লক্ষণ আছে। তেওঁ যোৱা ভালেমান দিনৰ পৰাই আইছ’লেশ্যনত আছিল।

ইপিনে, বচ্চন পৰিয়ালৰ বাকী সদস্যসকলৰ কৰ’নাৰ ৰিপ’ৰ্ট নিগেটিভ আহিছে।

জয়া বচ্চন আৰু ঐশ্বৰ্যা ৰায় কৰ’নাত আক্ৰান্ত হোৱা নাই। শনিবাৰে নিশা হাস্পাতলৰ সূত্ৰই এই কথা প্ৰকাশ কৰিছে।

অমিতাভ বচ্চন আৰু অভিষেকৰ কৰ’না পজিটিভ পোৱাৰ পাছত পৰিয়ালৰ বাকী সদস্যৰো কৰ’না টেষ্ট কৰা হৈছিল।

বিভিন্নজনে বচ্চন পৰিয়ালৰ স্বাস্থ্যক লৈ উদ্বিগ্নতাও প্ৰকাশ কৰিছিল।

কিন্তু জয়া বচ্চন আৰু ঐশ্বৰ্যা ৰায় বচ্চনৰ কৰ’না নিগেটিভ পোৱাত সকলোৱে স্বস্তি লাভ কৰিছে।