NORTHEAST NOW (Assamese)
অসম

সদৌ অসম ভিত্তিত জয়ন্ত হাজৰিকাৰ গীতৰ প্ৰতিযোগিতাত শ্ৰেষ্ঠ শিৱসাগৰৰ অনুস্কা

Posted by: মানস প্ৰতিম গগৈ Updated by: মানস প্ৰতিম গগৈ September 15, 2019 9:22 pm

মাৰ্ঘেৰিটাৰ ‘প্ৰতিধ্বনি সাংস্কৃতিক মঞ্চ’ৰ উদ্যোগত মাৰ্ঘেৰিটাৰ ক’ল ইণ্ডিয়া প্ৰেক্ষাগৃহত আজি অনুষ্ঠিত হয় সদৌ অসম ভিত্তিত জয়ন্ত হাজৰিকাৰ গীতৰ প্ৰতিযোগিতা।

১২ বছৰ বয়সৰ ঊৰ্ধৰ সকলোৰে বাবে মুকলি থকা প্ৰতিযোগিতাখনত অসমৰ বিভিন্ন ঠাইৰ প্ৰায় অৰ্ধশতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে।

মাৰ্ঘেৰিটাৰ বিশিষ্টা সমাজ সেৱিকা তথা লেখিকা ড০ ৰীতা চৌধুৰীৰ মাতৃ মলিনা চৌধুৰীয়ে বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা প্ৰতিযোগিতাখনৰ মঞ্চ মুকলি কৰা হয় ‘প্ৰতিধ্বনি সাংস্কৃতিক মঞ্চ’ৰ সদস্যাসকলে পৰিবেশন কৰা এটি সমবেত সংগীতেৰে।

প্ৰতিযোগিতাৰ বিচাৰকৰ দায়িত্বত আছিল বিশিষ্ট সুৰকাৰ, গীতিকাৰ চৈয়দ চাদুল্লা, গায়িকা ৰুমী গোস্বামী আৰু শিল্পী প্ৰদ্যুত হাজৰিকা।

প্ৰতিযোগিতাখনত প্ৰথম স্থান লাভ কৰে অনুস্কা তৰঙ্গিনী বৰুৱাই (শিৱসাগৰ), দ্বিতীয় স্থান লাভ কৰে ৰাজ ৰাজীৱ ফুকনে( শিমলুগুৰি) আৰু তৃতীয় স্থান লাভ কৰে ৰণ কোঁৱৰে (শিৱসাগৰ)।

অহা ২০ ছেপ্টেম্বৰত মাৰ্ঘেৰিটাৰ ইণ্ডিয়া ক্লাবত জয়ন্ত হাজৰিকাৰ ওপজা দিনৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত হ’বলগীয়া সাংস্কৃতিক সন্ধ্যাত বিজয়ী প্ৰতিযোগীসকলক পুৰস্কৃত কৰা হ’ব বুলি আয়োজক সমিতিয়ে জানিবলৈ দিয়ে।