NORTHEAST NOW (Assamese)
Popular Stories

ত্রিপুৰাত হাজাৰৰ ঘৰ অতিক্ৰম কৰিলে ক’ৰ’না আক্ৰান্তৰ সংখ্যাই

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 13, 2020 5:13 pm
COVID-19

ত্রিপুৰাত ক’ৰ’না আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিলে হাজাৰৰ ঘৰ।

আজি এই পৰ্যন্ত ৰাজ্যখনত ৩৭ গৰাকী কোভিড-১৯ আক্ৰান্ত ৰোগী ধৰা পৰে। ইয়াৰ লগে লগে ত্ৰিপুৰাত ক’ৰ’নাত আক্ৰান্তৰ সংখ্যা ১০০১ গৰাকীলৈ বৃদ্ধি পালে।

ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী বিপ্লৱ কুমাৰ দেবে এই কথা সদৰী কৰি জনাই যে আজি চিনাক্ত হোৱা ৩৭ গৰাকীৰ ৩৪ গৰাকীয়ে চিপাহী জিলা আৰু আন ৩ গৰাকী গোমতি জিলাৰ বাসিন্দা।

‘কোভিড-১৯ৰ বাবে পৰীক্ষা কৰা ২১০টা চেম্পুলৰ ৩৭টা পজিটিভ পোৱা গৈছে। আটাইকেইজনৰে ট্ৰেভেল হিষ্টৰী আছে’ তেওঁ টুইট কৰি কয়।

শুকুৰবাৰে ত্ৰিপুৰাত ৪৮টা কোভিড-১৯ কেচ পোৱা গৈছিল।

ৰাজ্যখনত যোৱা ৬ এপ্ৰিলত প্ৰথমটো কোভিড পজিটিভৰ কেচ পোৱা গৈছিল। ত্ৰিপুৰাৰ চিপাহী জিলা ক’ৰ’না দ্বাৰা আটাইতকৈ বেয়াকৈ ক্ষতিগ্ৰস্থ। জিলাখনত এই পৰ্যন্ত ৪৩০টা পজিটিভ কেচ পোৱা গৈছে।