NORTHEAST NOW (Assamese)

প্ৰথমতে আমি নাগৰিকত্ব বিধেয়ক আনিম, তাৰ পিছতহে এন আৰ চি : অমিত শ্বাহ

April 22, 2019 10:27 pm · এন ই নাও নিউজ
Updated: April 22, 2019 10:44 pm
অমিত শ্বাহৰ ফাইল ছবি।

নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাৰ পিছতহে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণ কৰা হ’ব। এই ঘোষণা বিজেপি ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ। আজি পশ্চিমবংগত এক নিৰ্বাচনী প্ৰচাৰ সভাত ভাগ লৈ পুনৰ এইদৰে বিজেপি ক্ষমতাত আহিলে নাগৰিকত্ব বিধেয়ক অনাৰ কথা দোহাৰিলে দলটোৰ সভাপতিগৰাকীয়ে।

উল্লেখযোগ্য যে ৰাজ্যসভাত নাগৰিকত্ব বিধেয়কক উত্থাপন কৰাত বিফল হোৱা বিজেপিয়ে লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি বিধেয়ক সন্দৰ্ভত অতি কৌশলী আৰু দুমুখীয়া স্থিতি গ্ৰহণ কৰি আহিছে।

যোৱা ১৬ এপ্ৰিলত শিলচৰত বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰাম মাধৱে ‘চূড়ান্ত এন আৰ চি প্ৰকাশ হোৱাৰ পাছতে বিধেয়কখন উত্থাপন কৰা হ’ব’ বুলি মন্তব্য কৰিছিল।

নাগৰিকত্ব বিধেয়কক লৈ ৰাম মাধৱে কি কৈছিল জানিবলৈ পঢ়ক : চূড়ান্ত এন আৰ চি প্ৰকাশৰ পাছতে উত্থাপন কৰা হ’ব নাগৰিকত্ব বিধেয়ক : ৰাম মাধৱ

আজিৰ সভাত শ্বাহে, এন আৰ চিৰ বিৰোধিতা কৰি অহা পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীয়ে ‘জনসাধাৰণক বিপথে পৰিচালিত’ কৰি আহিছে বুলি উল্লেখ কৰি বিজেপি পুনৰ ক্ষমতালৈ আহিলে দেশৰ প্ৰত্যেকখন ৰাজ্যতে এন আৰ চি প্ৰক্ৰিয়া আৰম্ভ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে।

তেওঁ কয়, ‘একো একোজন অনুপ্ৰৱেশকাৰীক বাহিৰ কৰিবলৈ সমগ্ৰ দেশজুৰি এন আৰ চি অনাটো আমাৰ প্ৰতিশ্ৰুতি। প্ৰথমতে, আমি নাগৰিকত্ব (সংশোধনী) বিধেয়ক আনিম, যাতে সকলো শৰনাৰ্থীয়ে নাগৰিকত্ব পায়, আৰু তাৰ পিছত অনুপ্ৰৱেশকাৰী সকলক বাহিৰ কৰিবলৈ আমি এন আৰ চিক আনিম।‘

‘শৰনাৰ্থীসকলক নাগৰিকত্ব দিয়া হ’ব আৰু তেওঁলোক সম্পূৰ্ণ মৰ্য্যাদা সহকাৰে এই দেশত থাকিব’-শ্বাহে কয়।

Related News