NORTHEAST NOW (Assamese)

মন্দিৰৰ ভোজ খাই ১০৭ জন অসুস্থ, খাদ্য বিষক্ৰিয়াৰ বাবে সংকটজনক অৱস্থাত ৭ জনক চিকিৎসালয়ত ভৰ্তি

June 11, 2025 9:30 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: June 11, 2025 9:23 pm

তামিলনাডুৰ এটা মন্দিৰত প্ৰসাদ খাই অসুস্থ হৈ পৰিছে অসংখ্য ভক্ত। খাদ্য বিষক্ৰিয়াৰ বাবে কমেও ১০৭ জন লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ৰাজ্যৰ বিৰুধনগৰ জিলাৰ এই ঘটনাই এক বৃহৎ আলোড়নৰ সৃষ্টি কৰিছে।

আৰক্ষীৰ সূত্ৰ অনুসৰি কলমদৈ গাঁৱৰ কৰুপ্ন্নাসামী মন্দিৰত গাঁওবাসীৰ ভক্তৰ বাবে ৰাজহুৱা ভোজৰ আয়োজন কৰা হয়। যিটো ৬ জুনৰ পৰা আৰম্ভ হোৱা কুম্ভাভিষেকম উৎসৱৰ অংশ আছিল।স্থানীয় লোকে জনোৱা মতে, ভক্তসকলে খাদ্য খোৱাৰ পিছত এজন এজনকৈ অসুস্থ হবলৈ আৰম্ভ কৰে। সকলোৰে পেটৰ বিষ আৰু বমি হবলৈ আৰম্ভ কৰে। কেইবাজনো লোকে চেতনা হেৰুৱাই পেলালে। প্ৰথম অৱস্থাত ৰোগীসকলক স্থানীয় স্বাস্থ্য কেন্দ্ৰলৈ লৈ যোৱা হৈছিল। পিছত শাৰীৰিক অৱস্থাৰ অৱনতি ঘটাত তেওঁক জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

১০৭ জন ৰোগীৰ ভিতৰত ৫৫ জন মহিলা আৰু ১১ জন শিশু। চিকিৎসক ডাঃ সৰৱনামে কয় যে ৰোগীসকলৰ ভিতৰত ৭ জনৰ অৱস্থা সংকটজনক আৰু জৰুৰীকালীন বিভাগত চিকিৎসাধীন হৈ আছে। অৱশ্যে সকলোৰে অৱস্থা সুস্থিৰ বুলি দাবী কৰে। বিশেষজ্ঞসকলে কয় যে হয় খাদ্য বা পানীৰ বিষক্ৰিয়া সংঘটিত হৈছিল। মন্দিৰৰ পানী আৰু খাদ্য পৰীক্ষা কৰা হৈছে। ৰিপৰ্ট অহাৰ পিছতহে জানিব পৰা যাব বিষক্ৰিয়াৰ প্ৰকৃত কাৰণ।

Related News