NORTHEAST NOW (Assamese)

“কুকুৰ-মেকুৰী নাখাব!”, চীনত আহি আছে নতুন নিৰ্দেশ, কিয় এই নিৰ্দেশ?

February 28, 2020 4:23 pm · এন ই নাও নিউজ
Updated: February 28, 2020 4:34 pm

চীনত মহামাৰীৰ ৰূপ লোৱা ক’ৰ’না ভাইৰাছৰ আতংকৰ পিছত দেশখনৰ দক্ষিণাঞ্চলৰ শ্বেনঝেন মহানগৰখনৰ প্ৰশাসনে নাগৰিকসকলক নিৰ্বাচিত কিছুমান জীৱ-জন্তুৰ মাংস খাবলৈহে অনুমতি দিয়াৰ সিদ্ধান্ত লৈছে।

এতিয়াও খচৰা ৰূপত থকা আইনখনত মুঠ ৯বিধ জীৱ-জন্তুৰ মাংস খাব পাৰিব বুলি কোৱা হৈছে। অনুমোদিতবোৰৰ ভিতৰত গাহৰিৰ মাংস, মুৰ্গী, গোমাংস আৰু শহাৰ মাংস লগতে মাছো আছে। ভেড়া, গাধ, হাঁহ, ৰাজহাঁহ আৰু পাৰৰ মাংস খোৱাতো অনুমোদন দিয়া হৈছে।

আনহাতে, প্ৰস্তাৱিত আইনখনত কোৱা হৈছে যে কুকুৰ আৰু মেকুৰী নিত্যসংগী পোহনীয়া পশু (pet) হিচাপে গণ্য কৰা হয়। গতিকে এইবোৰ খোৱাটো বন্ধ কৰা হ’ব।

মাংস হিচাপে জনপ্ৰিয় যদিও সাপ, কাছ আৰু ভেকুলীকো অনুমোদিত তালিকাখনৰ বাহিৰত ৰখা হৈছে।

এই সিদ্ধান্তটো লোৱা হৈছে দেশখনৰ কেন্দ্ৰীয় চৰকাৰে যোৱা ১৬ ফেব্ৰুৱাৰিত বন্যপ্ৰাণীৰ ব্যৱসায় আৰু সেইবোৰৰ মাংস খোৱা নিষিদ্ধ কৰাৰ পিছতে।

চীনৰ বিজ্ঞানীসকলে এইটো সন্দেহ প্ৰকাশ কৰি আহিছে যে নতুন মাৰাত্মক ভাইৰাছবিধ জন্তুৰ পৰাই মানুহলৈ বিয়পিল। জানিব পৰামতে, প্ৰথম প্ৰথম ধৰা পৰা সংক্ৰমণ দেখা গৈছিল হুবেই প্ৰদেশৰ ৰাজধানী চহৰ য়ুহানত থকা বন্যপ্ৰাণীৰ বজাৰখনৰ সংস্পৰ্শত থকা লোকৰ গাত। এই বজাৰখনত বাদুলী, সাপ, চিভেট (জহামাল জাতীয় এবিধ জন্তু) আদি বিক্ৰী হয়।

“বনৰীয়া জীৱ-জন্তুৰ মাংস খোৱা নিষিদ্ধ কৰাটো উন্নত দেশবোৰত এটা সাধাৰণ নিয়ম আৰু আধুনিক সভ্যতাৰ এটা সৰ্বজননী প্ৰয়োজন”, জাননীখনত কোৱা হয়।

এই সম্ভাৱনা দেখা গৈছে যে শ্বেনঝেন মহানগৰ প্ৰশাসনৰ এই নীতিয়ে এতিয়া চুবুৰীয়া আন আন মহানগৰকো এই ধৰণৰ আইন কৰিবলৈ উৎসাহিত কৰিব পাৰে।

উল্লেখযোগ্য যে চীনত ২০০০বিধততকৈও অধিক সংৰক্ষিত বন্যপ্ৰাণী আছে।

দেশখনত সংৰক্ষিত বন্যপ্ৰাণীৰ মাংস খালে প্ৰায় ২,৮৫০ ডলাৰ জৰিমনাৰ ব্যৱস্থা আছে।

Related News