NORTHEAST NOW (Assamese)
অসম

ক’ৰ’নাত আক্ৰান্ত কামৰূপ(ম) জনসংযোগৰ জনসম্পৰ্কৰক্ষী বিষয়াই কৰি আছে কৰ্তব্য পালন

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া July 5, 2020 1:57 pm
index

কোভিড-১৯ পজিটিভ হৈয়ো নিজৰ কৰ্তব্য পালন কৰি আছে কামৰূপ মহানগৰ জিলা জন সম্পৰ্কৰক্ষী বিষয়াই।

কালি কোভিড-১৯ পজিটিভ ধৰা পৰিছিল কামৰূপ মহানগৰ জিলা জন সংযোগৰ জন সম্পৰ্কৰক্ষী বিষয়া ৰতন সাউদৰ।

তাৰ পাছৰে পৰা তেওঁ জি এম চি এইছত চিকিৎসাধীন হৈ আছে।

তাৎপৰ্যপূৰ্ণভাৱে তেওঁ চিকিৎসাধীন হৈ আছে যদিও কামৰূপ মহানগৰ জিলাৰ লকডাউন সম্পৰ্কীয় সকলো নীতি নিৰ্দেশনা নিয়মীয়াকৈ প্ৰকাশ কৰি অহাৰ লগতে সংবাদমাধ্যমৰ লোক সকলকো বিতংভাবে জনাই আহিছে।

ইপিনে, শুকুৰবাৰৰ নিশা কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত জিলা উপায়ুক্ত চিন্ময় নাথ কোভিড-১৯ পজিটিভ হিচাপে চিনাক্ত হৈছিল।

উল্লেখযোগ্য যে, স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে কোভিডৰ বিৰুদ্ধে যুঁজখনত মহানগৰীৰ বহু ঠাইত একেলগে দেখা গৈছিল চিন্ময় নাথক।

ইয়াৰোপৰি, শুকুৰবাৰৰ নিশা জালুকবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উপেন কলিতা আৰু ৰাজভৱনত কৰ্মৰত দুগৰাকী লোকৰ দেহত মাৰাত্মক ক’ৰ’না ভাইৰাছৰ উপস্থিতি পোৱা গৈছিল।

উল্লেখযোগ্য যে, গুৱাহাটীত বৰ্তমানলৈকে আঢ়ৈ সহস্ৰাধিক লোক ক’ৰ’নাত আক্ৰান্ত হৈছে।

ৰাজ্যত মুঠ ১১০০১ গৰাকী লোক আক্ৰান্ত হোৱাৰ বিপৰীতে ৬৭৪৩ গৰাকী কোভিড মুক্ত হৈছে। বৰ্তমানলৈকে মুঠ ১৪ গৰাকী লোকে মৃত্যুক আঁকোৱালি লৈছে।