NORTHEAST NOW (Assamese)
অসম

পুলৱামাৰ ঘটনাকলৈ খুলিছিল মুখ; বীমা গোচৰত সত্যপাল মালিকক চমন CBIৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 22, 2023 8:18 am

মেঘালয় আৰু জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্য পাল মালিকক চিবিআইৰ চমন। ২৮ এপ্ৰিলত তেওঁক মাতি পঠোৱা হৈছে। বাতৰি অনুসৰি, ৰিলায়েন্স জেনেৰেল বীমাত অনিয়মৰ অভিযোগৰ সাক্ষী হিচাপে তেওঁক মাতি অনা হৈছে।

ইপিনে, তাৎপৰ্যপূৰ্ণভাৱে পুলৱামা আক্ৰমণৰ বিষয়ে মুকলিকৈ কৈছিল প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকে। আৰু কাকতলীয়ভাৱে তাৰ পিছতেই তেওঁ লাভ  কৰিলে চিবিআইৰ চমন।

এটা নিউজ প’ৰ্টেলৰ সৈতে হোৱা এক সাক্ষাৎকাৰত সত্যপাল মালিকে কৈছিল যে পুলৱামা আক্ৰমণ নিৰাপত্তাৰ বিজুতিৰ বাবেই সংঘটিত হৈছিল। ফলত চি আৰ পি এফৰ ৪০ জন জোৱানৰ মৃত্যু হয়। তেওঁ কয় যে চি আৰ পি এফে বিমানৰ বাবে আবেদন কৰিছিল। কিন্তু চৰকাৰে সেই কথা মানি ল’ব বিচৰা নাছিল। আৰু তাৰ বাবেই সৈনিকসকলে স্থলপথেৰে যাব লগা হয়।

আনহাতে, চিবিআইৰ চমন লাভ কৰাৰ পিছত সত্যপাল মালিকে টুইট কৰি কয় যে সঁচা কথা কৈ একাংশ লোকৰ পাপ উদঙাই দিম। মই এজন খেতিয়কৰ সন্তান। মই কাকো ভয় নকৰো। মই সত্যৰ পক্ষত থাকিম।

ইপিনে, সত্যপাল মালিকে সংবাদ সংস্থাক জনাইছে যে তেওঁলোকে মোক আকবৰ ৰোডৰ চিবিআইৰ অতিথিশালাত উপস্থিত হ’বলৈ কৈছে। তেওঁলোকে কিছু ব্যাখ্যা বিচাৰিছে। সেইবাবেই তেওঁলোকে মোৰ উপস্থিতি বিচাৰিছে। মই ৰাজস্থানলৈ গৈ আছো। গতিকে ২৭ এপ্ৰিলৰ পৰা ২৯ এপ্ৰিলৰ ভিতৰত সময় দিছো। যেতিয়াই সময় পাম যাম।

কিন্তু কোনটো বিষয়ত তেওঁক মতা হৈছে? সূত্ৰ অনুসৰি, ২০১৮ চনত তেওঁ জম্মু-কাশ্মীৰৰ ৰাজ্যপাল হৈ থকাৰ সময়ত এটা বীমা কোম্পানীৰ চুক্তি বাতিল কৰিছিল। আৰু সেই বীমা কোম্পানীটোৰ মালিক আছিল উদ্যোগপতি অনিল আম্বানী। সেই এফ আই আৰত চি বি আইয়ে ৰিলায়েন্স জেনেৰেল ইনছুৰেন্সৰ নাম ৰাখিছিল। ট্ৰিনিটি ৰি-ইন্সুৰেন্স ব্ৰোকাৰৰ নামো অভিযুক্ত হিচাপে উল্লেখ কৰা হৈছে। তাত কাশ্মীৰৰ চৰকাৰী কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ বীমা কৰাৰ কথা আছিল। কিন্তু সেই বীমা সম্পৰ্কীয় প্ৰক্ৰিয়াত দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছিল।

সত্যপাল মালিকে বীমা আঁচনিখনত জালিয়াতিৰ অভিযোগ উত্থাপন কৰিছিল। সেইটোলৈয়েই এইবাৰ আৰম্ভ হৈছে চিবিআইৰ তদন্ত।

প্ৰায় ৩.৫ লাখ কৰ্মচাৰীক এই বীমাৰ অধীনলৈ অনাৰ উদ্যোগ লোৱা হৈছিল। ২০১৮ চনৰ ছেপ্টেম্বৰৰ পৰা সেয়া আৰম্ভ হৈছিল। কিন্তু এমাহৰ ভিতৰতে তেতিয়াৰ ৰাজ্যপাল সত্যপাল মালিকে সেইটো বাতিল কৰে। তেওঁ কয় যে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে ইয়াক বাতিল কৰাটো বিচাৰিছিল, কিয়নো ইয়াত দুৰ্নীতি আছে।