বলিউড : ৰণবীৰৰ পাছত চলচ্চিত্ৰ নিৰ্মাতা সঞ্জয় লীলা ভাঞ্চালীৰো ক’ভিড পজিটিভ, আলিয়া ভাট কোৱাৰেণ্টাইনত

বলিউডত আৰম্ভ হৈছে কভিড-১৯ৰ সন্ত্ৰাস।
ৰণবীৰ কাপুৰৰ পাছত এইবাৰ সঞ্জয় লীলা ভাঞ্চালীৰো ক’ভিড পজিটিভ পোৱা গৈছে।
প্ৰখ্যাত চলচ্চিত্ৰনিৰ্মাতাজনে বৰ্তমান কোৱাৰেণ্টাইনত আছে।
আনহাতে, ভাঞ্চালীৰ স’তে ‘গংগুবাই কাঠিৱাড়ী’ নামৰ চিনেমাখনত ব্যস্ত থকা অভিনেত্ৰী আলিয়া ভাটো কোৱাৰেণ্টাইনত আছে।
চিনেমাখনৰ পৰিচালক ভাঞ্চালী ক’ভিড পজিটিভ উলোৱাৰ পাছত শ্বুটিং বন্ধ ৰখা হ’ব।
বৰ্তমানলৈকে ভাঞ্চালীৰ পৰিয়ালৰ আন কোনো সদস্যৰে ক’ভিড পজিটিভ উলোৱা নাই।
ভাঞ্চানীৰ মাতৃ লীলা ভাঞ্চালীয়েও কোৱাৰেণ্টাইনত আছে।
উল্লেখযোগ্য যে ভাঞ্চালীৰ শেহতীয়া চিনেমা ‘গংগুবাই কাঠিৱাড়ী’ত মুম্বাই এগৰাকী এগৰাকী দেহোপজীৱিনীৰ জীৱনীৰ ভিত্তিত নিৰ্মাণ কৰা হৈছে।