NORTHEAST NOW (Assamese)
অসম

পুনেবাসী অসমীয়া সমাজৰ “কা”-ৰ বিৰুদ্ধে প্ৰতিবাদ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 18, 2019 4:04 pm
Pune_Assamese_Society Assamese Society of Pune protests against CAA 2019

পুনেবাসী অসমীয়া সমাজ লুইতে বুধবাৰে নাগৰিকত্ব (সংশোধন) আইন ২০১৯ৰ বিৰুদ্ধে চহৰখনৰ ছত্ৰপতি শিৱাজী পাৰ্কৰ সন্মুখত শান্তিপূৰ্ণ প্ৰতিবাদ সাব্যস্ত কৰে।

সংগঠনটোৰ আহ্বানত প্ৰায় ২০০ লোক প্ৰতিবাদত চামিল হয় আৰু ভাৰতীয় সংসদে গ্ৰহণ কৰা আইনখনৰ দৃঢ় বিৰোধিতা কৰে, বিবৃতিত প্ৰকাশ।

প্ৰতিবাদকাৰীসকলে কয় যে তেওঁলোক কোনো ধৰ্মৰ বিৰুদ্ধে নহয়, কিন্তু তেওঁলোকে বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ তীব্ৰ বিৰোধিতা কৰে।

এই প্ৰতিবাদ আমাৰ সংস্কৃতি, পৰিচয় আৰু পৰম্পৰাৰ পক্ষত থিয় দিয়াৰ বাবে, তেওঁলোকে কয়।

“বিধেয়কখন আইনত পৰিণত হোৱাৰ লগে লগে, আমি বিশ্বাস কৰো, সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ লগতে অসমৰ জনগাঁথনিগত স্থিতি বিপদত পৰিব,” এজন প্ৰতিবাদকাৰীয়ে কয়।

প্ৰতিবাদকাৰীসকলে অসম চুক্তিৰ পূৰ্ণ ৰূপায়ণ, ধৰ্ম নিৰ্বিশেষে অবৈধ বাংলাদেশীক চিনাক্ত আৰু বিতাড়ন আৰু খিলঞ্জীয়া আৱেগক চুক্তিৰ ৬নং দফাৰ অধীনত সুৰক্ষিত কৰাৰ বাবে দাবী জনায়।

“উত্তৰ-পূব বিশেষকৈ অসমলৈ বৃহৎ সংখ্যাত বাংলাদেশী প্ৰব্ৰজন খিলঞ্জীয়া সংস্কৃতি, ভাষা আৰু পৰিচয়ৰ প্ৰতি ভাবুকি হৈ পৰিছে,” বিবৃতিত প্ৰকাশ।