NORTHEAST NOW (Assamese)

প্ৰেমত বন্দী মহিলা কাৰাধ্যক্ষ: সাত বছৰীয়া কাৰাবাসৰ পাছত প্ৰেমৰ বাবে ধৰ্মৰ দেউনা নেওচি পাণি গ্ৰহণ কৰিলে ধৰ্মেন্দ্ৰই

May 10, 2026 6:45 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: May 9, 2026 9:07 pm

প্ৰেমৰ কোনো সীমা নাথাকে আৰু ই কোনো ধৰ্ম বা জাত-পাতৰ বান্ধোন নামানে। শেহতীয়াকৈ মধ্যপ্ৰদেশৰ সাতনা জিলাত ঘটা এক ঘটনাই এই কথাকে প্ৰমাণ কৰিছে। এজনী মহিলা কাৰাধ্যক্ষ আৰু এজন হত্যাৰ গোচৰত অভিযুক্ত কয়দীৰ মাজত গঢ়ি উঠা ব্যতিক্ৰমী প্ৰেম কাহিনীয়ে এতিয়া সমগ্ৰ দেশৰে দৃষ্টি আকৰ্ষণ কৰিছে। সাতনা কেন্দ্ৰীয় কাৰাগাৰৰ সহকাৰী অধীক্ষক ফিৰোজা খাতুনে কাৰাগাৰতে থকা ধৰ্মেন্দ্ৰ সিং নামৰ এজন কয়দীৰ প্ৰেমত পৰে। ২০০৭ চনত এজন কাউঞ্চিলৰক হত্যাৰ অভিযোগত ধৰ্মেন্দ্ৰই আজীৱন কাৰাদণ্ডৰ শাস্তি ভোগ কৰি আছিল। কাৰাগাৰত ৱাৰেণ্ট ইন চাৰ্জ হিচাপে কৰ্মৰত ফিৰোজাৰ সৈতে সেই সময়তে ধৰ্মেন্দ্ৰৰ চিনাকি হৈছিল আৰু লাহে লাহে তেওঁলোকৰ মাজত বন্ধুত্বৰ পৰা গভীৰ প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছিল।

ধৰ্মেন্দ্ৰই কাৰাগাৰত মুঠ ১৪ বছৰ সময় অতিবাহিত কৰিছিল। অৱশ্যে কাৰাগাৰৰ ভিতৰত তেওঁৰ উন্নত আচৰণৰ বাবে তেওঁক চাৰি বছৰ পূৰ্বেই মুকলি কৰি দিয়া হয়। কাৰাগাৰৰ পৰা ওলাই অহাৰ পাছত দুয়োৱে নিজৰ প্ৰেমক এক নতুন মাত্ৰা দিয়াৰ সিদ্ধান্ত লয়। যোৱা ৫ মে’ত ধৰ্মেন্দ্ৰ আৰু ফিৰোজা বিবাহপাশত আবদ্ধ হয়। যিহেতু দুয়োৰে ধৰ্ম বেলেগ আছিল, সেয়েহে বিয়াত যাতে কোনো ধৰণৰ ধৰ্মীয় মেৰপেচ বা বিবাদ সৃষ্টি নহয় তাৰ বাবে ধৰ্মেন্দ্ৰই বিবাহৰ নিমন্ত্ৰণী পত্ৰত নিজৰ নামটোও সলনি কৰি দিছিল। এই বিয়াখনক লৈ স্থানীয় ৰাইজৰ মাজত ব্যাপক চৰ্চা চলিছে।

প্ৰেমৰ এই যাত্ৰাত তেওঁলোকৰ বাবে পথটো ইমান সহজ নাছিল। ফিৰোজাৰ ঘৰৰ ফালৰ পৰা এই বিয়াখনক লৈ প্ৰবল আপত্তি আছিল। কিন্তু এই সংকটৰ সময়ত তেওঁলোকৰ সহায়ৰ বাবে আগবাঢ়ি আহে বিশ্ব হিন্দু পৰিষদৰ জিলা উপ-সভাপতি ৰাজবাহাদুৰ মিশ্ৰ। তেওঁ আৰু তেওঁৰ পত্নীয়ে বিয়াৰ সম্পূৰ্ণ দায়িত্ব লয় আৰু নিজেই কন্যাদান কৰি ফিৰোজাক বিয়া দিয়ে। আনকি সাতনা কেন্দ্ৰীয় কাৰাগাৰৰ কৰ্মচাৰী আৰু কয়দীসকলেও এই নতুন দম্পতীটোক বিয়াৰ শুভেচ্ছা জনায়। ধৰ্ম আৰু অতীতৰ কলংকক নেওচি কেৱল মানৱীয়তা আৰু প্ৰেমৰ জয়গান গোৱা এই বিবাহে এতিয়া চচিয়েল মিডিয়াত চৰ্চা লাভ কৰিছে।

Related News