NORTHEAST NOW (Assamese)

এনকাউন্টাৰ : শ্বাহ আলমৰ পিছত আকৌ আৰক্ষীৰ গুলীত নিহত ডকাইটিৰ অভিযোগত অভিযুক্ত সঞ্জু জয়ছোৱাল।

February 19, 2023 7:44 pm · এন ই নাও নিউজ, গুৱাহাটী

শেহতীয়াকৈ ইটোৰ পিছত সিটোকৈ আৰক্ষীৰ এনকাউণ্টাৰত অভিযুক্ত নিহত হোৱাৰ ঘটনাই জোকাৰি গৈছে ৰাজ্য। তেনে সময়তে আজি দেওবাৰে উজনি অসমত আকৌ আৰক্ষীৰ গুলীত নিহত হয় সঞ্জু জয়ছোৱাল নামৰ এটা কুখ্যাত ডকাইত।

দেওবাৰে সোণাৰিৰ চেঁচা সত্ৰত সংঘটত হয় এই এনকাউন্টাৰৰ ঘটনা। আৰক্ষীয়ে জনোৱা মতে কেইবাটাও ডকাইটি কাণ্ডত জড়িত হৈ আছিল সঞ্জু।

জানিব পৰা মতে টিংখাং আৰক্ষীৰ চকুত ধূলি দি পলাবলৈ চেষ্টা কৰোঁতেই আৰক্ষীয়ে সঞ্জুক লক্ষ্য কৰি কৰা গুলীচালনাত গুলীবিদ্ধ হৈ ঢলি পৰে সঞ্জু।

এই এনকাউন্টাৰ সম্পৰ্কে এতিয়ালৈকে স্পষ্টভাবে মুখ খোলা নাই টিংখাং আৰক্ষীয়ে। পৰৱৰ্তী সময়ত হে জানিব পৰা যাব এই এনকাউন্টাৰৰ প্ৰকৃত কাৰণ।

Related News