NORTHEAST NOW (Assamese)
অসম

৩ জুনৰ পৰা আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণৰ অনুমতি ইটালীত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 16, 2020 2:42 pm

ক’ৰ’না ভাইৰাছে বেয়াকৈ ক্ষতিগ্ৰস্ত কৰা ইটালীত ৩ জুনৰ পৰা বিদেশী নাগৰিকক দেশখনলৈ অহা আৰু দেশৰ নাগৰিকক বিদেশলৈ যোৱাৰ অনুমতি প্ৰদান কৰিছে।

৩ জুনৰ দিনাখন ইটালী চৰকাৰে দেশখনৰ ভিতৰত বিনামূলীয়াকৈ ভ্ৰমণৰ সুবিধা প্ৰদান কৰিছে।

ইটালীত ক’ৰ’নাৰ সংক্ৰমণৰ ফলত ৩১,০০০ অধিক লোকৰ মৃত্যু হৈছিল।

সমগ্ৰ বিশ্বত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু য়ুনাইটেড কিংদমৰ পাছতে ইটালীত সৰ্বাধিক লোকৰ ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত মৃত্যু হৈছে।

বিগত মাহত ইটালীত ক’ৰ’নাৰ সংক্ৰমণ সৰ্বাধিক স্তৰলৈ গতি কৰাৰ পাছত বৰ্তমান ক্ৰমান্বয়ে কিছু হ্ৰাস পাই আহিছে।

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত ইটালীৰ পৰ্যটন ক্ষেত্ৰ ব্যাপক লোকচনাৰ সন্মুখিন হ’বলগীয়া হৈছিল।

ইটালীৰ অৰ্থনীতিত পৰ্যটন ক্ষেত্ৰখনে গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই আহিছে।

ইটালীৰ উপৰিও স্পেইন, জাৰ্মানী, ফ্ৰান্সো ক’ৰ’নাৰ ফলত বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে।

ইটালীত আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণৰ অনুমতি প্ৰদান কৰিলেও কিমান সংখ্যক বিদেশী লোকে ইটালী ভ্ৰমণ কৰে ইটালীৰ কিমান সংখ্যক লোক বিদেশলৈ যায় সেয়া লক্ষ্যণীয় হ’ব।