NORTHEAST NOW (Assamese)
দেশ

এটম বোমাৰ পিছত এইবাৰ আহি আছে হাইড্ৰজেন বোমা : ঘোষণা ৰাহুল গান্ধীৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 1, 2025 6:33 pm
এটম বোমাৰ পিছত এইবাৰ আহি আছে হাইড্ৰজেন বোমা : ঘোষণা ৰাহুল গান্ধীৰ

লোকসভাৰ বিৰোধী নেতা তথা কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কয় যে ‘পৰমাণু বোমাৰ পিছত এতিয়া ‘হাইড্ৰজেন বোমা আহিব।

বিহাৰৰ পাটনাত অনুষ্ঠিত ‘ভোটাৰ ৰাইটছ যাত্ৰা’ৰ সময়ত ৰাহুল গান্ধীয়ে কয়, “আমি মহাদেৱপুৰাত পৰমাণু বোমা দেখুৱালোঁ। বিজেপিৰ ৰাইজ সাজু হওক। হাইড্ৰজেন বোমা আহি আছে। আপোনালোকৰ ভোট চুৰিৰ সত্যতা সমগ্ৰ দেশবাসীয়ে জানিবলৈ গৈ আছে। হাইড্ৰ’জেন বোমাৰ পিছত নৰেন্দ্ৰ মোডীয়ে দেশৰ আগত নিজৰ মুখ দেখুৱাব নোৱাৰিব।”

ৰাহুল গান্ধীৰ এই বক্তব্যৰ সন্দৰ্ভত বিজেপিয়ে কয় যে তেওঁলোকৰ ‘এটম বোমা ফিজল আউট হৈছে।

বিজেপি নেতা ৰবি শংকৰ প্ৰসাদে কয়, “নিৰ্বাচনত ভোট গণনা সন্দৰ্ভত কৰ্ণাটকত তেওঁলোকৰ পৰমাণু বোমাটো ফিজল হৈ গৈছে, সেয়া সৰু দীপাৱলীৰ ফটকাও হোৱা নাই আৰু তেওঁলোকে হাইড্ৰজেন বোমা ফাটি যোৱাৰ কথা কৈছে। এতিয়ালৈকে বিশ্বত হাইড্ৰজেন বোমা বিস্ফোৰণো হোৱা নাই।”কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ নেতৃত্বত বিহাৰত চলি থকা ‘ভোটাৰ ৰাইটছ যাত্ৰা’ ১ ছেপ্টেম্বৰত পাটনাত শেষ হ’ব। যোৱা ১৭ আগষ্টৰ পৰা ৰোহতাছ জিলাত আৰম্ভ হৈছিল এই যাত্ৰা।