NORTHEAST NOW (Assamese)
Popular Stories

দুৰ্ভাগ্য! বিপক্ষৰ বেটাৰক পেভিলিয়নমুখী কৰাৰ প্ৰচেষ্টাত চাৰিটা দাঁত হেৰুৱালে শ্ৰীলংকাৰ ক্ৰিকেটাৰে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 9, 2022 2:56 pm
Chamika Karunaratne lost four teeth

আঘাত ক্ৰীড়াৰ এটা অংশ। নিজৰ সৰ্বস্ব উজাৰি দিয়াৰ চেষ্টাত এগৰাকী ক্ৰীড়াবিদ আঘাতৰ সন্মুখীন হোৱাটো তেনেই চিনাকি দৃশ্য। এনে আঘাতে কেতিয়াবা কোনো ক্ৰীড়াবিদৰ কেৰিয়াৰ পৰ্যন্ত সমাপ্ত কৰিব পাৰে। ক্ৰীড়াৰ ইতিহাসত তেনে অনেক উদাহৰণ আছে। আঘাতৰ বাবে নিজৰ পেছাগত ক্ৰীড়াৰ পৰা দীৰ্ঘদিনৰ বাবে বাহিৰতো থাকিবলগীয়া হয় খেলুৱৈসকল।

ব্যতিক্ৰম নহয় ক্ৰিকেটৰ ক্ষেত্ৰতো। সৰু-বৰ আঘাতে বাৰুকৈয়ে জৰ্জৰিত কৰি তোলে ক্ৰিকেটাৰসকলক। চলিত লংকা প্ৰিমিয়াৰ লীগত এনেদৰেই আঘাতৰ সন্মুখীন হৈছে এগৰাকী শ্ৰীলংকাৰ ক্ৰিকেটাৰ। পিছে খেলুৱৈগৰাকীৰ আঘাতহে সাধাৰণতে দেখা আঘাততকৈ পৃথক আৰু অস্বাভাৱিক।

টুৰ্ণামেণ্টখনৰ এখন মেচত মুখামুখি হৈছিল দুই ফ্ৰেন্সাইজি কেণ্ডি ফেলকনছ আৰু গালে গ্লেডিয়েটৰ্ছ। মেচখনত গালেৰ বেটাৰে তুলি দিয়া এটা কেচ আয়ত্ত কৰিবলৈ আগবঢ়াৰ সময়ত বলটো পৰে কেণ্ডিৰ ফিল্ডাৰ চামিকা কৰুণাৰত্নেৰ মুখত।

বলৰ আঘাতত কৰুণাৰত্নেৰ মুখৰ পৰা সৰি পৰে চাৰিটাকৈ দাঁত। অৱশ্যে এই আঘাতৰ পাছতো কৰুণাৰত্নেই কেচটো আয়ত্ত কৰে। কিন্তু দাঁত সৰাৰ তীব্ৰ যন্ত্ৰণাত তেওঁ সতীৰ্থ খেলুৱৈসকলক তেওঁৰ সৈতে উইকেট পতনৰ আনন্দ উদযাপন নকৰিবলৈ আহ্বান জনায়।

 

আঘাতৰ পিছতে খেলপথাৰৰ বাহিৰত কৰুণাৰত্নেক প্ৰাথমিক চিকিৎসা প্ৰদান পিছত গালেৰ এখন চিকিৎসালয়ত ভৰ্তি কৰা হয়। কেণ্ডি ফেলকনৰ মেনেজমেণ্টে অৱশ্যে দলটোৰ পৰৱৰ্তী মেচৰ বাবে কৰুণাৰত্নে সাজু হৈ উঠিব বুলি জানিবলৈ দিছে।