NORTHEAST NOW (Assamese)
Popular Stories

হত্যাৰ পিছত ছটিয়াই দিছিল জলকীয়া গুড়ি! ‘ক্ৰাইম পেট্ৰ’ল’ চাই ঠিকাদাৰ বীৰেণ তামুলীক হত্যা কৰিছিল ঘাতকে!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 2, 2025 5:45 pm

ক্ৰাইম পেট্ৰল চাই গুৱাহাটীত সংঘটিত হৈছিল এক নৃশংস হত্যাকাণ্ড। ঠিকাদাৰ বীৰেণ তামুলীক গুৱাহাটীৰ চানমাৰিত হত্যা কৰিছিল ঘাতকে। প্ৰায় তিনিমাহৰ অন্তত চানমাৰিৰ এই ৰহস্যময় হত্যাকাণ্ডৰ আঁৰৰ সকলো কথা পোহৰলৈ আহিছে।

গত ২৮ আগষ্টত গুৱাহাটীৰ চানমাৰিত সংঘটিত হৈছিল এই হত্যাকাণ্ড। কিন্তু বীৰেণ তামুলীৰ ৰহস্যঘন হত্যাকাণ্ডৰ কোনো ক্লু নোপোৱাত তদন্তকাৰী আৰক্ষী ভাগৰি পৰিছিল।

পিছলৈ বহুদিনৰ মূৰত, ক্লুলেছ হৈ থকা আৰক্ষীয়ে এটা চিচিটিভি (CCTV) ফুটেজৰ ভিত্তিত অভিযুক্ত সুমন কোঁচক গ্ৰেপ্তাৰ কৰে। বীৰেণ তামুলীৰ পূৰ্বৰ কেয়াৰ টেকাৰ সুমনেই এই নৃশংস হত্যাকাণ্ড সংঘটিত কৰিছিল বুলি তদন্তকাৰী আৰক্ষীয়ে জনাইছে। ঘটনা সন্দৰ্ভত বহু বিস্ফোৰক তথ্য পোহৰলৈ আহিছে।

কিয় কেয়াৰ টেকাৰ সুমনে হত্যা কৰিছিল বীৰেণ তামুলীক?

জানিব পৰা মতে, উচ্চ শিক্ষিত সুমন কিছুদিনৰ বাবে বীৰেণ তামুলীৰ কেয়াৰ টেকাৰ হিচাপে আছিল। সেই সময়ত তেওঁৰ প্ৰায় ৬০ হাজাৰ টকা দৰমহা বীৰেণ তামুলীৰ ওচৰত বাকী আছিল। সেই ধন বহুবাৰ বিচাৰিও নোপোৱাত সুমনে কেয়াৰ টেকাৰৰ কাম বাদ দি ডেলিভাৰী বয় হিচাপে আন এটা কামত সোমাইছিল।

কিন্তু মনে মনে সুমনে বীৰেণ তামুলীক শেষ কৰাৰ পৰিকল্পনা কৰি আছিল। সেই অনুসৰি, সুমনে দুটা মাহ ধৰি ক্ৰাইম পেট্ৰল চাই হত্যাকাণ্ডৰ পৰিকল্পনা কৰিছিল। আনফালে, বীৰেণ তামুলীৰ গতিবিধিৰ ওপৰত নজৰ ৰাখিছিল।

অৱশেষত সেই নিৰ্দিষ্ট দিনটোত, সুমনে বীৰেণ তামুলীৰ ঘৰৰ সমীপৰ বহু লোকক ফোন কৰি জানিব পাৰিছিল যে বীৰেণ তামুলী ঘৰত অকলে আছে। তাৰ পিছত, স্কুটীৰে আহি ৰে’ল লাইন পাৰ হৈ ঘৰটোত সোমাই বীৰেণ তামুলীক হত্যা কৰি ওলাই গৈছিল সুমন।

সুমনে নিজৰ মবাইলটো স্কুটীতে থৈ গৈছিল, যাৰ বাবে আৰক্ষীৰ তদন্তত প্ৰথমে অসুবিধা হৈছিল। অৱশেষত এটা চিচিটিভি (CCTV) ফুটেজেহে সমগ্ৰ ঘটনা পোহৰলৈ আনে।

কেনেকৈ উদ্ধাৰ হৈছিল বীৰেণ তামুলীৰ মৃতদেহ?

২৮ আগষ্টত চানমাৰিৰ ৰোহিনী এপাৰ্টমেণ্টত ঠিকাদাৰ বীৰেণ তামুলীৰ মৃতদেহ উদ্ধাৰ হৈছিল।

মৃতদেহৰ বিভিন্ন অংশত কেইবাটাও আঘাতৰ চিন পোৱা গৈছিল। মূৰৰ ৩-৪ অংশত গাঢ় আঘাতৰ চিন আছিল।

শৰীৰৰ লগতে ঘটনাস্থলীৰ কোঠাটোতো জলকীয়া গুড়ি পোৱা গৈছিল।

শৰীৰৰ বিভিন্ন অংশত ভঙা কাঁচৰ টুকুৰাও পোৱা গৈছিল।

হত্যাকাণ্ড সংঘটিত হোৱা কোঠাটোত আৰক্ষীয়ে চিচিটিভিৰ হাৰ্ড ড্ৰাইভ (Hard Drive) এটা গেছৰ বাৰ্ণাৰত জ্বলি থকা অৱস্থাত উদ্ধাৰ কৰিছিল।

বীৰেণ তামুলীৰ অন্য এজন কেয়াৰ টেকাৰ মিণ্টুৱে আৰক্ষীক জনাইছিল যে তেওঁ বীৰেণ তামুলীৰ কোঠাত প্ৰৱেশ কৰিছিল আৰু গেছটো বন্ধ কৰি দিছিল।