NORTHEAST NOW (Assamese)
Popular Stories

বিশ্বকাপৰ পিছত এইবাৰ অস্কাৰৰ মঞ্চতো দেখা যাব দীপিকা পাডুকনক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 4, 2023 7:55 pm
বিশ্বকাপৰ পিছত এইবাৰ অস্কাৰৰ মঞ্চতো দেখা যাব দীপিকা পাডুকনক

আমেৰিকাৰ ডলবি থিয়েটাৰত আয়োজিত হ’বলগীয়া ৯৫ সংখ্যক অস্কাৰ বঁটাৰ অন্যতম উপস্থাপক হিচাপে নিৰ্বাচিত হৈছে বলীউডৰ অভিনেত্ৰী দীপিকা পাডুকনক।

এই সন্মানীয় বঁটা প্ৰদান অনুষ্ঠানৰ ট্ৰফী প্ৰদান কৰিবলগীয়া উপস্থাপকৰ তালিকা শ্বেয়াৰ কৰি বৃহস্পতিবাৰে এই কথা ঘোষণা কৰে অভিনেত্ৰীগৰাকীয়ে।

এমিলি ব্লাণ্ট, চেমুৱেল এল জেকচন, ট্ৰয় কোটছুৰ, জো ছালডানা, গ্লেন ক্ল’জ, জনাথন মেজৰছ আদি বিশ্বখ্যাত অভিনেতাই এই তালিকাত স্থান লাভ কৰিছে।

উল্লেখ্য যে এছ এছ ৰাজামৌলিৰ তেলেগু ছবি আৰ আৰ আৰৰ গীত নাটু নাটু ২০২৩ চনৰ অস্কাৰ বঁটাত শ্ৰেষ্ঠ মৌলিক গীতৰ শাখাত মনোনীত হৈছে। এই দক্ষিণ ভাৰতীয় গীতটো ৰচনা কৰিছে এম এম কিৰাভানীয়ে। কণ্ঠশিল্পী কালা ভৈৰৱ আৰু ৰাহুল ছিপলিগঞ্জে আগন্তুক অস্কাৰ এৱাৰ্ডত এই গীতটো পৰিবেশন কৰিব।

তদুপৰি শৌনাক সেনৰ পৰিচালনাত নিৰ্মিত অল ডেট ব্ৰিথছ ছবিখনে শ্ৰেষ্ঠ তথ্যচিত্ৰ বৈশিষ্ট্যপূৰ্ণ ছবিৰ শাখাত মনোনীত হোৱাৰ বিপৰীতে কাৰ্তিক গনছালভেছৰ দ্য এলিফেণ্ট হুইপচাৰ্ছক আগন্তুক অস্কাৰত শ্ৰেষ্ঠ তথ্যচিত্ৰ চুটি ছবিৰ শাখাত নিৰ্বাচিত হৈছে।

চলিত বৰ্ষৰ আৰম্ভণিতে কাটাৰত ফিফা বিশ্বকাপ ২০২২ ট্ৰফী উন্মোচন কৰা দেখা গৈছিল অভিনেত্ৰীগৰাকীক।