NORTHEAST NOW (Assamese)

শৰবিদ্ধ কৰিব নোৱাৰিলে অগ্নিবাণে

February 12, 2026 8:00 am · ৰিমলী বৰকটকী
Updated: February 11, 2026 3:42 pm

অগ্নিবাণ-বৰ্তমান সময়ত অসমৰ দৰ্শক ৰাইজৰ মাজত চৰ্চিত এটি নাম। এই অসমীয়া ছবিখন পৰিচালনা কৰিছে মৃন্ময় অৰুণ শইকীয়াই। লগতে ছবিখনৰ কাহিনী আৰু চিত্ৰনাট্য লিখিছে অজিত গিৰি,মৃন্ময় অৰুণ শইকীয়া আৰু সপ্তৰ্ষি গগৈয়ে। পৰিচালনা আৰু চিত্ৰনাট্যৰ লগতেই অগ্নিবাণৰ সম্পাদনাও কৰিছে মৃন্ময় অৰুণ শইকীয়াই। গত ৬ ফেব্ৰুৱাৰীত মুক্তি লাভ কৰা এই ছবিখন বৰ্তমান অসমৰ ভিন্ন ছবিগৃহত চলি আছে। ছবিখনৰ প্ৰযোজনা কৰিছে শৈলেন্দ্ৰ কুমাৰ শৰ্মা আৰু কৃষ্ণাক্ষী শৰ্মায়ে।

ছবিৰ আৰম্ভণি হয় অশান্তজৰ্জৰ অসমৰ এটি দিনৰ ঘটনাৰাজিৰে। অক্টোবৰ মাহৰ এই দিনটোতে গুৱাহাটীৰ ভিন্ন স্থানত বোমা বিস্ফোৰণৰ দৃশ্য দেখুওৱা হয়। আৰক্ষীৰ পৰা আৰম্ভ কৰি,বিস্ফোৰণত জড়িত সকললৈকে দৰ্শোৱা হৈছে। অহিৰণ শৰ্মাৰ চৰিত্ৰত অভিনয় কৰা যতীন বৰা এজন নিজ কৰ্মক্ষেত্ৰৰ পৰা আতৰি গোপনীয়তাৰে অপৰাধী নিধনৰ কাম কৰি থকা প্ৰদৰ্শিত হৈছে। খণ্ড খণ্ডকৈ কেইবাটাও খণ্ডত ভগোৱা হৈছে ছবিখন। কাহিনীৰ গাঁ‌ঠনি আৰম্ভণিৰে পৰাই দুৰ্বল। সু-সংৰচিত এখন চিত্ৰনাট্যৰ অভাৱ পৰিলক্ষিত হ’ল। প্ৰায়েই এই আগবাঢ়ো এই আগবাঢ়ো কাহিনীৰ ছন্দপতন ঘটিছে। কাহিনীক আগবঢ়াই নিব পৰা সেই ছন্দৰ অভাৱ সমগ্ৰ ছবিখনতে। আৰম্ভণিৰ আধাঘণ্টা পৰ্যন্ত ছবিখনৰ প্ৰতি কোনো আগ্ৰহ জন্মি নুঠে।

ছবিখনৰ আন এক দুৰ্বল দিশ হৈছে ইয়াৰ চৰিত্ৰ নিৰ্বাচন। যিদৰে নায়কৰ ভূমিকাত বয়সৰ চাপ পৰা যতীন বৰাক শুওৱা নাই,ঠিক তেনেদৰেই খলনায়কৰ ভূমিকাত কমল লোচনকো শুওৱা নাই। তেনেদৰেই অভিনয়ৰ সুযোগৰ থল থাকিও হিমাংশু প্ৰসাদ দাস আৰু কুলদা কুমাৰ ভট্টাচাৰ্যৰ চৰিত্ৰৰ সমুচিত ব্যৱহাৰ নহ’ল। সম্পাদনাৰ দুৰ্বলতাৰ বাবে ছবিখন অধিক আমনিদায়ক হৈ উঠিছে।

লগতে অগ্নিবাণত হাস্যৰসৰ উপস্থাপনা কৰিবলৈ চেষ্টা বাৰম্বাৰ কৰা হৈছে যদিও,স্বতঃস্ফূৰ্ত হাঁ‌হিৰ খোৰাক জন্মাবলৈ অক্ষম। অন্তিম  অংশৰ ফালে হিমাংশু প্ৰসাদ দাস(ৰহমান)ৰ চৰিত্ৰটোক আৰক্ষীৰ নিৰ্দ্দিষ্ট এক অপাৰেচনৰ পৰা আতৰোৱা হয়,কিয় তেওঁৰ উপাধিৰ বাবেই তেওঁক সেই অপাৰেচনৰ পৰা আতৰোৱা হয়,সেই লৈ তেওঁৰ বহল সংলাপো আছে পিছে সেই অপাৰেচনটোত আকৌ ৰহমানে অংশ লোৱাও দেখুওৱা হয়।

অভিনয়ৰ ক্ষেত্ৰত প্ৰথমেই নাম ল’ব লাগিব কংকণা চক্ৰৱৰ্তীৰ। যতীন বৰাৰ অভিনয়ো সহজ। অন্তিম দৃশ্যত ৰবি শৰ্মাৰ চৰিত্ৰৰ আগমণ ঘটিছে। এক কথাত মুখনি মাৰিবলৈ হ’লে,অগ্নিবাণক সমুখত লৈ দুঘন্টাৰ অধিক সময় অতিবাহিত কৰিব নোৱাৰি।

mail- rimli.borkotoky1985@gmail.com

Related News