NORTHEAST NOW (Assamese)

বিশ্বনাথ চাৰিআলিত অগ্নিকবি কমলাকান্তৰ ভট্টাচাৰ্যৰ জন্ম দিৱস উদযাপন

December 23, 2020 8:41 pm · কাজি জেইদুল ইছলাম
Updated: December 23, 2020 8:43 pm

অসমীয়া সাহিত্যৰ অৰুণোদয় যুগৰ অন্যতম সাহিত্যিক ‘অগ্নিকবি’ বুলি জনাজাত কমলাকান্ত ভট্টাচাৰ্য্য।  ১৮৫৩ চনৰ ডিচেম্বৰত শোণিতপুৰ জিলাৰ তথা বৰ্তমানৰ  বিশ্বনাথ জিলাৰ ওচৰৰ গড়েহাগি গাঁৱত  জন্মলাভ কৰিছিল এই গৰাকী অন্যতম বিশিষ্ট সাহিত্যিকে।

১৯০৫-০৬ চনত স্বদেশী আন্দোলনত ভাগ লোৱাৰ লগতে মহিলাৰ শিক্ষাৰ হকে মাত মতা এইগৰাকী মহান মণিষীয়ে ১৯২৯ চনত অসম সাহিত্য সভাৰ সাধাৰণ সম্পাদকৰূপে নিৰ্বাচিত হৈছিল।

এই মহান সাহিত্যিকগৰাকীৰ জন্ম দিন এই উপলক্ষে তেখেতৰ জন্ম স্থানত আজি সদৌ অসম ছাত্ৰ সন্থাৰ বিশ্বনাথ চাৰিআলি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত দক্ষিণ চাৰিআলি শাখা ছাত্ৰ সন্থাৰ সহযোগত অগ্নিকবি কমলাকান্তৰ ভট্টাচাৰ্যৰ জন্ম দিৱস উদযাপন কৰা হয় বিশ্বনাথ চাৰিআলিৰ গড়েহাগী শাখা ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ সমীপত৷

অনুষ্ঠানৰ আৰাম্ভণিতে পতকা উত্তোলন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ বিশ্বনাথ চাৰিআলি আঞ্চলিক সমিতিৰ সভাপতি সুৰুজ ভুঞাই।

শ্বহীদ বেদীৰ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে বিশ্বনাথ চাৰিআলি আঞ্চলিক সমিতিৰ সম্পাদক সাধাৰণ সম্পাদক লক্ষ্যজিৎ শ‌ইকীয়াই আৰু উদিপ্ত ভূঞাই আৰু মাল্যাৰ্পণ কৰে মহকুমা ছাত্ৰ সন্থাৰ সভাপতি ভাস্কৰ চমুৱাই।

অনুষ্ঠানৰ কাৰ্যসূচী অনুসৰি “প্ৰতিবাদী সুৰ” প্ৰতিযোগিতাত বহু কেইগৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰাৰ লগতে বিচাৰকৰ আসন অলংকৃত কৰে মনজিৎ বৰঠাকুৰ, ভবেন বৰা, অলকানন্দা ৰাজবংশীয়ে।

পৰৱৰ্তী সময়ত ৩ বজাত অনুষ্ঠিত হোৱা মুকলি সভা উদ্বোধন কৰে বিশ্বনাথ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ চিন্তা মণি শৰ্মাই।

বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ডঃ প্ৰফুল্ল কুমাৰ নাথ, শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক তথা বিশ্বনাথ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ডঃ মৃণাল কুমাৰ বৰা, মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ বিশ্বনাথ জিলাৰ মুখ্য সচিব পলাশ জ্যোতি কোচ, বিশিষ্ট গীতিকাৰ ধ্ৰুৱজ্যোতি ৰাজখোৱা, নাগৰিক সন্থাৰ সম্পাদক বিদ্যুৎ শৰ্মা, সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য ৰূপম দাস, সদৌ অসম ছাত্ৰ সন্থাৰ বিশ্বনাথ জিলাৰ সভাপতি বিক্ৰম বিকাশ বৰাসহ অন্যান্য বহু কেইজন বিশিষ্ট লোকে।

Related News