NORTHEAST NOW (Assamese)
অসম

কেইজনমান নেতাৰ গোপন এজেণ্ডা লৈ বিজেপিৰে মিত্ৰতা কৰিলে অগপই : ড০ জয়নাথ শৰ্মা

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া March 13, 2019 4:34 pm
edb7afe2-05ff-4a94-ad7d-31344494976f

‘’অগপই দেখ দেখ কৈ অসমৰ ৰাইজক প্ৰবঞ্চনা কৰি বিজেপিৰ লগত মিত্ৰতা কৰিলে।‘’ বুধবাৰে এক সংবাদমেল সম্বোধন কৰি এই মন্তব্য কৰে কংগ্ৰেছৰ মুখপাত্ৰ তথা প্ৰাক্তন অগপ নেতা জয়নাথ শৰ্মাই।

তদুপৰি জাতি ধ্বংসকাৰী নাগৰিকত্ব বিধেয়ক বিজেপিয়ে আনিছিল বুলি দাবী কৰি তেওঁ কয়, “কংগ্ৰেছৰ হেঁচাত তেওঁলোকে ৰাজ্যসভাত উত্থাপন কৰিব নোৱাৰিলে। অমিত শ্বাহে বিলখন পুনৰ আনিব বুলি কৈ গৈছিল।”

তেওঁ লগতে কয়, “শ্বাহৰ ঘোষণাৰ পাছতো ক্ষমতাৰ লোভত জাতীয়তাবাদী শক্তিক ভৰিৰে মোহাৰি অগপই মিত্ৰতা কৰিলে।”

ইপিনে, বিজেপিৰ ৰাজনৈতিক সিদ্ধান্তৰ সৈতে অগপই হাত মিলালে বুলি মন্তব্য কৰে শৰ্মাই। তেওঁ লগতে বিজেপিৰ ৰাজনৈতিক সিদ্ধান্ত বিধেয়ক গৃহীত কৰাতো সন্মতি দিয়া বুলি কয়।

অতুল বৰাই নিজৰ মাতৃৰ আহ্বানত মিত্ৰতা ভংগ কৰিছিল। এই কথা বৰাক সোঁৱৰাই দি শৰ্মাই কয়, “অসমীয়া ৰাইজে তেওঁক অনুমতি দিছে নেকি জাতিটোক ধ্বংস কৰিবলৈ?’’

মঙলবাৰে নিশা বিজেপিক জাতিধ্বংসী নাগৰিকত্ব বিধেয়কখন মানি ল’ব বুলি বিজেপিক অগপই লিখি দিলে নেকি বুলিও বৰালৈ শৰ্মাই প্ৰশ্ন কৰে।

আনহাতে, অসমৰ হাজাৰ হাজাৰ জাতীয়তাবাদী নেতাক আন্ধাৰত ৰাখি কিয় মিত্ৰতা কৰিলে সেয়া অগপ নেতাক ৰাজহুৱা কৰিবৰ বাবেও তেওঁ আহ্বান জনায়।

ইপিনে, ৩কোটি ১৫ লাখ ভোট জলকীয়া বিতৰণ নকৰাকৈ বিতৰণ কৰা বুলি এক ডাঙৰ কেলেংকাৰি হৈছিল বুলি সংবাদ মাধ্যমত প্ৰচাৰ হৈছিল। ‘’এই কেলেংকাৰিৰ সৈতে অতুল বৰা জড়িত আছিল নেকি? সেইকাৰণে বিজেপিৰে পুনৰ মিত্ৰতা কৰিলে নেকি?’’ সাংবাদমেলত শৰ্মাৰ এইদৰে প্ৰশ্ন উত্থাপন কৰে।

অগপৰ দুমুখীয়া নীতি ধৰা পৰিছে বুলি মন্তব্য কৰি শৰ্মাই কয়, “বিজেপিয়ে অসমৰ বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তন কৰিলে। কিন্তু অগপই প্ৰতিবাদ কৰা নাই।”

তদুপৰি, অগপ নেতাই চোৰৰ দৰে গৈ মিত্ৰতা কৰিলে বুলি উল্লেখ কৰি শৰ্মাই লগতে কয়, ‘’কেইজনমান নেতাৰ গোপন এজেণ্ডা লৈ বিজেপিৰে মিত্ৰতা কৰিলে অগপই। তেওঁ সন্দেহ প্ৰকাশ কৰে যে ৰাজ্য সভাৰ এখন আসন দিলেও ক্ষান্ত থাকিব অগপ নেতৃত্ব।

আনহাতে, অগপ-বিজেপিৰ মিত্ৰতাই কংগ্ৰেছৰ ক্ষতি নকৰে বুলি দোহাৰি শৰ্মাই কয় যে মোদীৰ মিছা প্ৰতিশ্ৰুতি ৰাইজে বুজি পাইছে, গতিকে জনসাধাৰণে এইবাৰ মোদীক আদৰি নলয়।