NORTHEAST NOW (Assamese)
অসম

টীয়কত অসম গণ পৰিষদৰ ৩৬সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

Posted by: নিৰ্মলেন্দু পাঠক Updated by: নিৰ্মলেন্দু পাঠক October 14, 2020 5:47 pm
AGP celebrates 36th foundation day in Teok

সমগ্ৰ অসমৰ লগতে আজি যোৰহাট জিলাৰ টীয়ক সমষ্টিটো অসম গণ পৰিষদৰ ৩৬ সংখ্যক প্ৰতিষ্ঠা দিৱস দিনজোৰা কাৰ্যসূচী অনুস্থিত কৰা হয়।

টীয়ক বিধান পৰিষদৰ উদ্যোগত আৰু সমূহ পঞ্চায়ত পৰিষদৰ সহযোগত  অনুষ্ঠিত এই প্ৰতিষ্ঠা দিৱসভাগি পুৱা পতাকা উত্তোলন, শ্বহীদ তৰ্পন, সতীৰ্থ সোঁৱৰণকে ধৰি কেইবাটাও কাৰ্যসূচী সুচাৰুৰূপে সম্পাদন কৰা হয়।

পৰৱৰ্ত্তী সময়ত দুপৰীয়া এখন মুকলি সভাৰ আয়োজন কৰা হয়।

টীয়ক বিধান পৰিষদৰ সভাপতি যুৱনেতা বিকাশ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত এই মুকলি সভাত টীয়কৰ বিধায়িকা ৰেণুপমা ৰাজখোৱাই এগছি বন্তি প্ৰজ্বলন কৰি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে।

উক্ত সভাত বিশিষ্ট ৰাজনৈতিক বিশ্লেষক উৎপল বৰুৱা, শিক্ষাবিদ ধীৰেন কলিতা, বিশিষ্ট অধিবক্তা ইন্দ্ৰজিত কাকতি, ৰিন্টু গোস্বামীশিক্ষাবিদ বিৰিঞ্চি বৰাকে প্ৰমুখ্য কৰি ভালেসংখ্যক গণ্য মান্য ব্যক্তি উপস্থিত থাকি ৰাজনৈতিকভাৱে আঞ্চলিকতাবাদী ভাবধাৰা অব্যাহত ৰাখিবলৈ অনাগত দিনত দলটোৰ কৰণীয়ৰ ওপৰত আলোকপাত কৰে।

সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাতত টীয়ক বিধান পৰিষদৰ সভাপতিগৰাকীয়ে কয় যে এইবাৰো পূৰ্বৰ দৰে বিজেপিৰ লগত মিত্ৰতা থাকিব আৰু দলে মিত্ৰ দলৰ যিটো দলৰে প্ৰাৰ্থীক প্ৰাৰ্থিত্ব প্ৰদান কৰিব সেই পক্ষৰে সমৰ্থনতে অগপই নিৰ্বাচনত অৱতীৰ্ণ বুলি মন্তব্য কৰে।