NORTHEAST NOW (Assamese)

হিন্দু বাংলাদেশী সংস্থাপনৰ বিৰুদ্ধে অগপই ল’লে দৃঢ় সিদ্ধান্ত

October 16, 2018 9:45 am · এন ই নাও নিউজ
Updated: October 16, 2018 11:49 am
অগপৰ শীৰ্ষ নেতৃত্ব। ফাইল ফটো

অহা ২৩ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া যুটীয়া সংসদীয় সমিতিৰ বৈঠকৰ পূৰ্বে অগপৰ এটা শীৰ্ষ প্ৰতিনিধি দলে যুটীয়া সংসদীয় সমিতিৰ সদস্যসকলক পৃথকে  পৃথকে সাক্ষাৎ কৰি বিধেয়কখন বাতিল কৰিবলৈ আহ্বান জনাব। সোমবাৰে নিশা অগপৰ কেন্দ্ৰীয় কাৰ্যালয়ত সভাপতি অতুল বৰাৰ উপস্থিতিত অনুষ্ঠিত এখন গুৰুত্বপূৰ্ণ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।

বৈঠকত গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ সিদ্ধান্ত অনুসৰি অগপই নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাৰ ক্ষেত্ৰত সৰ্বশক্তি প্ৰয়োগ কৰি ইয়াৰ বিৰোধিতা কৰিব। আঞ্চলিক দলটোৱে কোনো কাৰণতে যাতে বিধেয়কখন গৃহীত হ’ব নোৱাৰে তাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিব।

বৈঠকত অহা ২৩ অক্টোবৰত দলটোৱে গুৱাহাটীত গ্ৰহণ কৰিবলগীয়া বৃহৎ প্ৰতিবাদী কাৰ্যসূচীত সকলো শ্ৰেণীৰ ৰাইজৰ অংশগ্ৰহণেৰে শক্তিশালী ৰূপত নাগৰিকত্ব সংশোধনী বিধেয়কখন বাতিলৰ দাবী উত্থাপন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। তদুপৰি আগন্তুক দিনত বিধেয়কখনৰ বিৰুদ্ধে জনমত গঠন কৰিবলৈ বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

আনহাতে, সোমবাৰে অতি জৰুৰীভাৱে অনুষ্ঠিত কৰা অগপৰএই  শীৰ্ষ নেতৃত্বৰ বৈঠকত সভাপতি অতুল বৰাৰ উপৰি প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, জ্যেষ্ঠ নেতা তথা মন্ত্ৰী ফণীভূষণ চৌধুৰী, বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, কমলাকান্ত কলিতাকে ধৰি প্ৰায়বোৰ জ্যেষ্ঠ নেতা উপস্থিত থাকে।

Related News