NORTHEAST NOW (Assamese)

অগপৰে মিত্ৰতা প্ৰসংগ: ৰাম মাধৱৰ মন্তব্যৰ প্ৰতিক্ৰিয়া ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ

January 18, 2019 9:18 am · এন ই নাও নিউজ
অগপ নেতা ৰমেন্দ্ৰ নাৰায়ন কলিতা। ফাইল ফটো

অগপ-বিজেপিৰ মিত্ৰতাক লৈ চলি থকা চৰ্চাৰ মাজতে এই প্ৰসংগটোত শেহতীয়াকৈ দুয়োটা দলৰে স্থিতি স্পষ্ট নোহোৱাত অসমৰ জনসাধাৰণ বিভ্ৰান্ত হৈ পৰিছে। প্ৰকৃততে, দল দুটাৰ মাজত মিত্ৰতা ভংগ হৈছে নে পুনৰ সুযোগৰ সন্ধানৰ বাবে অপেক্ষা কৰিছে সেয়া ৰহস্যৰ মাজত সোমাই পৰিছে।

ইয়াৰ মাজতে অগপক মিত্ৰতা বাহাল ৰখাৰ কথা বিবেচনা কৰিবলৈ বৃহস্পতিবাৰে বিজেপিৰ ৰাষ্ট্ৰীয় নেতা ৰাম মাধৱে জনোৱা আহ্বানৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অগপৰ সাধাৰণ সম্পাদক তথা পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই।

বিজেপিৰ নেতাজনে জনোৱা উক্ত আহ্বানৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি অগপ নেতা কলিতাই কয় যে অগপই পূৰ্বৰ স্থিতি বাহাল ৰাখিছে।

আনহাতে, নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল নকৰা পৰ্যন্ত অগপই নিজৰ স্থিতিৰ পৰা আঁতৰি নাহে বুলি কলিতাই স্পষ্ট কৰি দিয়ে। তদুপৰি,নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ পাছতো অগপই আলোচনা মৰ্মেহে পৰৱৰ্তী সিদ্ধান্ত ল’ব বুলি কলিতাই ব্যক্ত কৰে।

উল্লেখযোগ্য যে বৃহস্পতিবাৰে এখন সংবাদমেলযোগে বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰাম মাধৱে অগপক মিত্ৰতাৰ কথা বিবেচনা কৰিবলৈ আহ্বান জনাইছিল।

Related News